দৈনিক বাতৰিধৰ্মীয়ভাৰত

পাকিস্তান পালেগৈ ভাৰতৰ ‘হিজাব বিতৰ্ক’

সম্প্ৰতি কৰ্ণাটকৰ হিজাব বিতৰ্কত উত্তাল হৈছে দেশ। এতিয়া বিতৰ্কত মাত দিছে পাকিস্তানীৰ শান্তি কৰ্মী তথা শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজাই

সম্প্ৰতি কৰ্ণাটকৰ হিজাব বিতৰ্কত উত্তাল হৈছে দেশ। এতিয়া বিতৰ্কত মাত দিছে পাকিস্তানীৰ শান্তি কৰ্মী তথা শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজাই। তেওঁ কয় যে, ছোৱালীসকলক হিজাব পিন্ধি বিদ্যালয়ত প্ৰৱেশ কৰাত বাধা দিয়াটো এক ভয়ংকৰ কথা।

এই সন্দৰ্ভত মন্তব্য কৰি মালালাই টুইট কৰিছে। তেওঁ লিখিছে, মহিলাসকলক কম বা বেছি কাপোৰ পিন্ধাক লৈ আক্ৰমণ কৰি অহা হৈছে। ভাৰতৰ নেতাসকলে মুছলমান মহিলাসকলক উপেক্ষিত হোৱাৰ পৰা বাধা দিয়া উচিত।’

ঘটনাটো আৰম্ভ হৈছিল কৰ্ণাটকত। য’ত একাংশ ছাত্ৰীয়ে অভিযোগ কৰিছিল যে তেওঁলোকক হিজাব পিন্ধি থকাৰ বাবে বিদ্যালয় চৌহদ আৰু শ্ৰেণীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 5 =

Back to top button