অসমঅসম আৰক্ষী

অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাৰ ফলাফল বিচাৰি প্ৰতিবাদত বহিল শতাধিক প্ৰাৰ্থী…

সমগ্ৰ ঘটনাৰ তদন্তৰ তাৎক্ষণিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ইতিমধ্যে, প্ৰতিবাদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ক্ষীপ্ৰতৰ কৰা হৈছে তদন্ত।

প্ৰতিবাদত উত্তাল অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়। সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক পৰীক্ষাৰ্থীয়ে ঘেৰাও কৰে উলুবাৰীস্থিত DGPৰ কাৰ্যালয়।

 

২০১৮ চনতে হোৱা অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাৰ ফলাফল বিচাৰি প্ৰতিবাদত বহিবলৈ আহিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক পৰীক্ষাৰ্থী। কিন্তু প্ৰতিবাদৰ আৰম্ভণিতে প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ।

 

প্ৰতিবাদত বহিবলৈ অহা শতাধিক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। প্ৰতিবাদকাৰী সকলক আটক কৰি লৈ যোৱা হয় পানবজাৰ আৰক্ষী থানালৈ। বাছৰ ভিতৰৰ পৰাই ন্যাৰ্য প্ৰাপ্তিৰ দাবী তুলিলে প্ৰতিবাদকাৰীয়ে। সমগ্ৰ ঘটনাৰ তদন্তৰ তাৎক্ষণিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ইতিমধ্যে, প্ৰতিবাদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ক্ষীপ্ৰতৰ কৰা হৈছে তদন্ত। এই ঘটনাক অস্বাভাৱিক ঘোষণা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পাৰ্থসাৰথি মহন্তৰ।

 

উল্লেখ্য যে, অসম আৰক্ষীৰ ৯১৭১টা পদৰ বাবে আবেদন কৰিছিল প্ৰায় ৪লাখ প্ৰাৰ্থীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button