অসমউৎসৱমনোৰঞ্জন

আজি আলি–আয়ে–লৃগাং, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ! কিয় পালন কৰা হয় এই উৎসৱ?

ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰে কৃষি ভিত্তিক উৎসৱ আলি–আয়ে–লৃগাং। ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখল পৰিৱেশ।

আজি আলি–আয়ে–লৃগাং।

ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰে কৃষি ভিত্তিক উৎসৱ আলি–আয়ে–লৃগাং। ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখল পৰিৱেশ।
ফাগুণ মাহ হ’ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ। এনে সময়তে মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ। ইয়াক লৃগাং বিহু বুলিও কোৱা হয়। আলি-আয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি। ‘আলি’ মানে মূল বা কাণ্ড, ‘আ:য়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন।

আজিৰ দিনটোতে মিচিংসকলে পথাৰত বা বাৰীৰ এচুকত মাংগলিক পৰ্বৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে। প্ৰতিঘৰ লোকৰে মুখিয়ালজনে এই কাৰ্য সম্পাদন কৰে। ইয়াৰ পিছত চলে ভোজ–ভাতৰ আয়োজন। ডেকা–গাভৰু, বুঢ়া–বুঢ়ীসকলে ঘৰে ঘৰে পুৰাং, আপং আদি খাই বিহু মাৰি ৰং–আনন্দ কৰে। নিশা ডেকা–গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুমৰাগ’ নাচে। গাঁৱে গাঁৱে শুনা যায় ঐনিতমৰ সুৰ, ঢোলৰ শব্দ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 5 =

Back to top button