অসম

আজি লাচিত দিৱস! লাচিত দিৱসৰ দিনা বীৰ পুৰুষক সুঁৱৰি…

আজি সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰিছে শৰাইঘাট ৰণৰ বীৰনায়ক লাচিত বৰফুকনক

আজি লাচিত দিৱস। আজি সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰিছে শৰাইঘাট ৰণৰ বীৰনায়ক লাচিত বৰফুকনক।

লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জী ত তেখেতৰ নাম আজিও জিলিকি আছে।

লাচিত বৰফুকনৰ পিতৃ মোমাই তামূলী বৰবৰুৱা আছিল আহোম ৰজা প্ৰতাপ সিংহ ডাঙৰ বিষয়া। লাচিত আছিল মোমাই তামুলীৰ নুমলীয়া পুত্ৰ।

ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লোৱাৰ লগতে লাচিত বৰফুকন আছিল কৰ্তব্য পৰায়্ণ, কৰ্মনিষ্ঠা, সততা আদি গুণেৰে পৰিপুৰ্ণ। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ’ল লুখুৰাখন ফৈদ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।

লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন (শিমলুগুৰীৰ দুৰ্গৰ সেনাপতি),

দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন হৈছিল। দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেউৰ চকুত পৰে ।

ৰজা চক্ৰধ্বজ সিংহই লাচিতক এখন সোনোৱালী হেংদাং পুৰস্কাৰ দি সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰে। তাৰ পাছতে লাচিতে দেহে কেহে খাতি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষন দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে।

“দেশতকৈ মোমাই ডাঙৰ নহয়”

প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেষ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱাই। নিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছতে ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈ উছে। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ।

শৰাইঘাটৰ যুদ্ধৰ এবছৰৰ পিছতে ১৬৭২ চনৰ এপ্ৰিলত কলিয়াবৰত লাচিত বৰফুকনৰ মৃত্যু হয়। যুদ্ধৰ সময়ত হোৱা জ্বৰৰ ফলত তেওঁৰ মৃত্যু হোৱা নাছিল। এইয়া আহোম আৰু মোগলৰ মাজত অন্তিম যুদ্ধ নাছিল আৰু পিছত গুৱাহাটী মোগলে পুনৰ দখল কৰিছিল। ১৬৭৯ চনত লাচিত বৰফুকনৰ নিজ ভাতৃ লালুক সোলা বৰফুকনে গুৱাহাটীক মোগলৰ অধীনলৈ নিবৰ বাবে ইয়াক আহোম ৰাজ্যৰ পৰা পৃথক কৰে। অৱশেষত, মোগলে গুৱাহাটী দখল কৰে আৰু ১৬৮২ চনলৈকে নিজৰ অধীনত ৰাখে। গদাধৰ সিংহ আহোমৰ ৰাজপাটত উঠাৰ পিছত গুৱাহাটী দখল কৰে। এনেকৈয়ে কামৰূপত মোগল ৰাজত্বৰ সমাপ্ত হয়।
তথ্য সংগ্ৰহ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button