
চৌদিশে এক ব’হাগ-ব’হাগ সময়… চৌদিশে এক বসন্ত-বসন্ত সময়। ফুলি উঠা নাহৰে কৈছে-ব’হাগ সৌৱা… মই আহিছোঁ, ব’হাগো আহিছে। নাহৰে জকমকাই ফুলিয়ে বহাগলৈ বাট মুকলি কৰে। নাহৰৰ সুবাসত কি যে এক ব’হাগ-ব’হাগ গোন্ধ। এয়া ব’হাগত উতলা হোৱাৰ সময়। এয়া ব’হাগৰ বা লাগি উন্মনা হোৱাৰ সময়। বতাহত বিয়পিছে নাহৰ-তগৰ-কপৌ-কেতেকীৰ সুবাস। ব’হাগৰ বা লাগি নাচনী নাচিছে ঢোলৰ ছেৱত, পেপাৰ টিহিটি মাতত আকাশ ৰজনজনাইছে। ব’হাগ মানেই নতুনৰ আগমনি বতৰা। ব’হাগ মানেই সৃষ্টিৰ ন ভঁৰাল। সেয়ে ব’হাগ আমাৰ বুকুৰ আপোন, প্ৰাণৰ কুটুম। কিয়নো সুধাকন্ঠই কৈ যোৱাৰ দৰে ব’হাগ মাথোঁ এটি মাহ নহয়, অসমীয়া জাতিৰ ই সাহ। ফুল ফুলক বা নুফুলক বসন্ত আহিবই। বৰষুণজাকে পৃথিৱী ধুৱাই নিয়ক বা নিনিয়ক, বসন্তৰ আগমনি বতাহজাক বলিবই।
বহাগমহীয়া বসন্ত ঋতুক সজাই-পৰাই তুলিছিল বাৰী-ঘৰ, হাবি-বন সকলোতে ফুলা বগা বগা নাহৰ ফুলে ৷ বহাগৰ নাহৰণি, সেই নাহৰ ফুলৰ গোন্ধ, মোৰ নাকে-মুখে এতিয়াও লাগিছে ৷ বহাগমহীয়া এই মিঠা গোন্ধেৰেই নাহৰণি গাঁওখন ভৰি থাকে৷’ তাহানিতে অসমীয়া সংস্কৃতি-সাহিত্যৰ সাধক চৈয়দ আব্দুল মালিকে এনেদৰে কৈ গৈছে নাহৰৰ কথা। ব’হাগত নাহৰৰ পাতত পৰি কুলীয়ে বিনাই। নাহৰৰ শুভাই সহজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। পিৰামিদ আকৃতিৰ গঠন, শুভ্ৰ ৰঙৰ বাবে নাচনীয়ে নাহৰ ফুল বিহু নাচৰ সময়ত ব্যৱহাৰ কৰে।