দ্য কাশ্মীৰ ফাইলছৰ পিছতেই খলকনি তুলিছে আন এখন চিনেমাই। শুভমুক্তিৰ পিছতেই টলিউডৰ চিনেমা ‘RRR’য়ে দৰ্শকৰ হৃদয়ত দখল কৰিছে বিশেষ স্থান।

এচ এচ ৰাজামৌলিয়ে পৰিচালনা কৰা ‘RRR’ চিনেমাখনৰ মুখ্য চৰিত্ৰত আছে জুনিয়ৰ এনটিআৰ আৰু ৰাম চৰণ। চিনেমাখনত অভিনয় কৰিছে আলিয়া ভাট আৰু অজয় দেৱগণে।

১৯২০ চনৰ ব্ৰিটিছ উপনিৱেশৰ সময়ছোৱাত দুজন বিপ্লৱীয়ে কৰা সংগ্ৰামৰ কাহিনীৰ আধাৰত নিৰ্মিত ‘RRR’ চিনেমাখন। এই চিনেমাৰ দৈৰ্ঘ্য হৈছে ৩ ঘণ্টা ১ মিনিট।

মুক্তিৰ প্ৰথম দিনটোতে সমগ্ৰ বিশ্বতে মুঠ ২৫৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ‘RRR’য়ে। বাণিজ্য বিশ্লেষক মনোবালা বিজয়বালানৰ মন্তব্য অনুসৰি প্ৰথম দিনটোত ‘RRR’ৰ উপাৰ্জন হৈছে ২৫৭.১৫ কোটি।
#RRRMovie creates HISTORY at the WW Box Office.
AP/TS – ₹ 120.19 cr
KA – ₹ 16.48 cr
TN – ₹ 12.73 cr
KL – ₹ 4.36 cr
ROI – ₹ 25.14 cr
OS – ₹ 78.25 cr [Reported Locs]Total – ₹ 257.15 cr
FIRST ever Indian movie to achieve this HUMONGOUS figure on the opening day.
— Manobala Vijayabalan (@ManobalaV) March 26, 2022
উল্লেখ্য যে, ‘RRR’ হৈছে এটা কাল্পনিক কাহিনীৰ আধাৰত নিৰ্মিত। তেলেগু স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন কাহিনীৰে ভৰা চিনেমাৰ মুখ্য চৰিত্ৰ দুটা হৈছে আল্লুৰী সীতাৰমন ৰাজু আৰু ক’মাৰাম ভীম। ডিভিভি দানয়াই প্ৰযোজনা কৰা চিনেমাখন নিৰ্মাণ কৰা হৈছে ৪৫০ কোটি বাজেটেৰে। বহুকেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে আলিয়া ভাট, চামুথিৰাকানি, অজয় দেৱগন, ৰয় ষ্টিভেনছন, এলিছন ডুদি আৰু অলিভিয়া মৰিছ।

