
পুৱা ১০:৩০ বজাৰ লগে-লগে প্ৰকাশ পালে বহু প্ৰত্যাশিত মেট্ৰিক পৰীক্ষাৰ ফলাফল
১৪টা ৱেবছাইটত উপলব্ধ হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল
২ লাখ ৭০ হাজাৰ ৭৩৭ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে এইবাৰৰ মেট্ৰিক পৰীক্ষাত
৬৩.৯৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে এইবাৰ পৰীক্ষাত
মেট্ৰিকৰ ফলাফলত তৃতীয় স্থান লাভ অনিৰ্বাণ বৰগোহাঁইৰ : ৫৮৯
দ্বিতীয় স্থান লাভ সপ্তৰ্শ বৰদলৈৰ : ৫৯০
প্ৰথম স্থান লাভ কৰিলে আমিষী শইকীয়াই : ৫৯১
মেট্ৰিকৰ ফলাফলত ৰাজ্যৰ ভিতৰতে শীৰ্ষত এইবাৰ শিৱসাগৰ জিলা
শিৱসাগৰ জিলাত উত্তীৰ্ণ হাৰ ৮৫.৫৫ শতাংশ
জিলাখনত ৮৩৭১ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল মেট্ৰিকত
প্ৰথম বিভাগত উত্তীর্ণ ২৯১৮গৰাকী…
দ্বিতীয় বিভাগত ৩০৯৩গৰাকী…
তৃতীয় বিভাগত উত্তীৰ্ণ ৭৯০…
মেট্ৰিক পৰীক্ষাৰ ফলাফলত আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া –
মুঠ পৰীক্ষাৰ্থী আছিল ৪,২২,৭৩৭ গৰাকী
উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ
সামূহিকভাৱে আমাৰ সকলোৰে কৰণীয় আছে এই হাৰ বৃদ্ধি কৰাৰ বাবে
ৰাজ্যিক বোৰ্ড অধিক শক্তিশালী হওক
ৰাইজৰ মাজত বিশ্বাসযোগ্যতা অটুট থাকক
তেতিয়াহে অসমৰ শিক্ষা ব্যৱস্থাৰ গুণগত মান উন্নতৰ হ’ব
শুভাশা!
মেট্ৰিক পৰীক্ষাৰ ফলাফলত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া –
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ৮৫.৫৫% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলা। স্বাভাৱিকতেই এই খবৰ আমাৰ বাবে আনন্দ আৰু গৌৰৱৰ লগতে আশানুৰূপ ফলাফল লাভ কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰী সকল হতাশ হোৱাৰ পৰিৱৰ্তে ভৱিষ্যত সময়ৰ বাবে নিজকে সাজু কৰাৰ সময় এয়া ভৱিষ্যত দিনৰ বাবে পুনৰ এবাৰ সকলোকে শুভেচ্ছা।