৮৯ সংখ্যক ‘বায়ুসেনা দিৱস’ৰ বাবে সাজু ভাৰতীয় বায়ু সেনাবাহিনী, আকাশমাৰ্গত কিদৰে চলিছে প্ৰস্তুতি?
হিন্দান এয়াৰফ'ৰ্চ ষ্টেচনত পালন কৰা হ'ব ৮৯ সংখ্যক বায়ু সেনা দিৱস। উক্ত দিনটোত বায়ুসেনাৰ বিমানসমূহে ৱাজিপুৰ দলং, কাৰৱালনগৰ, অফজলপুৰ, হিনদান, চামলি, চণ্ডিনগডৰ, জিৱানা, হাপুৰ, ফিলকুৱা, গাজিয়াবাদ আদি অঞ্চলত নিম্ন স্তৰত উৰাৰ লগতে বিভিন্ন আটকধুনীয়া কৌশল প্ৰদৰ্শন কৰিব।
জন্ম বাৰ্ষিকী উদযাপনৰ বাবে সাজু ভাৰতীয় বায়ু সেনাবাহিনী। এইবাৰ ৮৯ সংখ্যক ‘বায়ু সেনা দিৱস’ৰ বাবে অনন্য ৰূপত সাজু বায়ু সেনাৰ দল।
জন্ম বাৰ্ষিকীৰ প্ৰাকক্ষণত, সোমবাৰে ভাৰতীয় বায়ু সেনাই টুইটাৰযোগে শ্বেয়াৰ কৰে এক বিশেষ পোষ্ট। উল্লেখ্য যে, ৮ অক্টোবৰত গাজিয়াবাদত বায়ু সেনাই উদযাপন কৰিব ৮৯ সংখ্যক জন্ম বাৰ্ষিকী। ইয়াৰ পূৰ্বে মুকলি আকাশত ফুলজাৰি সিঁচা বিমানৰ ফটো শ্বেয়াৰ কৰে ভাৰতীয় বায়ু সেনাই। #AviationPhotoAlertৰে বায়ুসেনাই শ্বেয়াৰ কৰে এই পোষ্ট-
When you know how to be Smart and Pretty – Ways of the World#ThisboyIsElectric#RunUpToThe89th#MondayMorning
📷s Gp Capt KD Beri
Wg Cdr Indranil Nandi pic.twitter.com/jbJILYnOQP— Indian Air Force (@IAF_MCC) October 4, 2021
উল্লেখ্য যে, ৮ অক্টোবৰত উদযাপন কৰিবলগীয়া ‘বায়ু সেনা দিৱস’ত বায়ু সেনাই বিভিন্ন এয়াৰ ক্ৰাফ্ট অথবা আকাশীযানৰ উপস্থাপন কৰিব। পুৱা ৮ বজাত বায়ুসেনাৰ AN-32 aircraftৰ পৰা বায়ু সেনা বাহিনীৰ পতাকা লৈ স্কাই ডাইভিঙো কৰিব জোৱানে। ইয়াৰোপৰি পুৱা ১১ বজাৰ পূৰ্বে আকাশমাৰ্গত দৃষ্টিনন্দন উৰণ প্ৰদৰ্শন কৰিব বায়ুসেনাৰ দলে। ইয়াৰ পৰৱৰ্তী সময়ত হ’বলগীয়া ফ্লাইপাষ্টত অন্তৰ্ভুক্ত থাকিব হেৰিটেজ এয়াৰক্ৰাফ্ট, আধুনিক পৰিবহন বিমান, আৰু ফ্ৰণ্টলাইন ফাইটাৰো।
হিন্দান এয়াৰফ’ৰ্চ ষ্টেচনত পালন কৰা হ’ব ৮৯ সংখ্যক বায়ু সেনা দিৱস। উক্ত দিনটোত বায়ুসেনাৰ বিমানসমূহে ৱাজিপুৰ দলং, কাৰৱালনগৰ, অফজলপুৰ, হিনদান, চামলি, চণ্ডিনগডৰ, জিৱানা, হাপুৰ, ফিলকুৱা, গাজিয়াবাদ আদি অঞ্চলত নিম্ন স্তৰত উৰাৰ লগতে বিভিন্ন আটকধুনীয়া কৌশল প্ৰদৰ্শন কৰিব।
‘বায়ুসেনা দিৱস’ৰ পূৰ্বে এক সংবাদমেল যোগে ভাৰতীয় বায়ুসেনাই দিল্লী, গাজিয়াবাদৰ জনসাধাৰণৰ বাবে জনাইছে এক বিশেষ অনুৰোধ। উক্ত দিনটোত মুকলি অঞ্চলত কোনো ধৰণৰ খোৱাবস্তু অথবা পেলনীয়া সামগ্ৰীৰ দ’ম কৰিবলৈ মানা কৰিছে জনসাধাৰণক। এই অঞ্চলসমূহত নিম্ন স্তৰত আকাশীযানে উৰাৰ বাবেই জনসাধাৰণলৈ এই অনুৰোধ বায়ুসেনা বাহিনীৰ। যিহেতু আৱৰ্জনাই যথেষ্ট সংখ্যক চৰাইক আকৰ্ষণ কৰে আৰু আকাশীযানৰ উৰণে যাতে মুক্ত বিহংগক কোনোধৰণৰ ক্ষতি নকৰে, তাৰবাবে এই পদক্ষেপ লৈছে বায়ু সেনা বাহিনীয়ে।
অৱশ্যে, টুইটাইৰত ভাৰতীয় বায়ু সেনাই আকাশীযানৰ ফটো শ্বেয়াৰ কৰাৰ পিছত এতিয়া ‘বায়ুসেনা দিৱস’ৰ বিশেষ অনুষ্ঠান উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে ভাৰতীয়।

