অসমছিংগাপুৰবিশ্বভাৰতশিল্পীসংগীতসংস্কৃতি

মৃ/ত্য়ুৱেও অমৰ কৰিলে জুবিন গাৰ্গক

গ্লৱেল আইকন হিচাপে পৰিচিত হৈ পৰিল জুবিন গাৰ্গ

প্ৰিয়জনক বিদায় জনোৱাৰ বিৰহী বেদনা আপোজনেহে বুজে।
মাটিৰ মানুহজনে ধেমেলীয়া সুৰত এদিন কৈছিল, “মৃ/ত্যুৰ আগলৈকে মই ইমানখিনি সৃষ্টি কৰি থৈ যাম যি আগন্তুক ১০০ বছৰতো কোনেও কৰিব নোৱাৰে।” আৰু তেওঁৰ মৃ/ত্যুৰ পিছত যেন‌ সেই কথাই সত্য প্ৰমাণিত হৈ পৰিল। তেওঁৰ মুখেৰে ব্যক্ত হোৱা প্ৰতিটো শব্দই যেন হৈ পৰিল একো একোটা মহৎ লোকৰ বাণী। তেওঁৰ প্ৰতিটো গীতৰ কথাই লিখিছে এটি এটি জীৱন কাহিনী। কাৰণ,তেওঁ জুবিন আছিল।

মৃ/ত্যু সকলোৰে বাবে আহে, কিন্তু পাৰি জানো সেই গৰাকী সত্তাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলৈ এই শব্দটি…
জুবিন গাৰ্গৰ অন্তিম বিদায়ৰ ক্ষণ সকলোৰে বাবে এক শিহৰণকাৰী দৃশ্য আছিল। কোনোকালে নোহোৱা নোপোজা এটি ঘটনাই সৃষ্টি কৰি তুলিলে বিশ্ব অভিলেখ।
জুবিনৰ মৃ/ত্যুৰ পিছত অসমে কেৱল এজন গায়কক বিদায় দিয়া নাছিল, সেইদিনা অসমবাসীৰ নিজৰ উশাহটোৱেই যেন বন্ধ হৈ পৰিছিল। অসমে নিজৰ চিনাকিটোৱেই হেৰুৱাই পেলাইছিল। সকলোৱে যেন নিজৰ সন্তানটোৱেই হেৰুৱাই পেলাইছিল।
অসমৰ প্ৰতিটো ৰাষ্টাত মানুহৰ লানি নিচিগা ভিৰ আছিল যদিও তাত নাছিল কোনো কোলাহল। সকলোৰে মুখমণ্ডলত স্পষ্টভাৱে ফুটি উঠিছিল বিৰহ বেদনা। সকলো দুখত ভাগি পৰিছিল, যেন নিজৰ ঘৰখনৰ সদস্যজনেই নোহোৱা হৈ পৰিল। কোনোবাই যেন সেই শিকলিডালেই কাটি পেলালে যিয়ে সকলোকে একগোট কৰি বান্ধি ৰাখিছিল।

জুবিনৰ অন্তিম যাত্ৰা কেৱল অন্তিম যাত্ৰা হৈয়েই নাথাকিল, এই যাত্ৰা হৈ পৰিল এক আন্দোলন। যʼত আছিল কেৱল জুবিন নামৰ জয়ধ্বনি। এটি এনেকোৱা আন্দোলন যʼত আছিল কেৱল মাথোঁ কেৱল চকুপানী। জুবিনৰ অন্তিম যাত্ৰাৰ সমভাগী হʼবলৈ সকলো আহিছিল, শিশুৰ পৰা বৃদ্ধলৈ, চকুৰে নেদেখা জনৰ পৰা ভৰিৰে খোজ কাঢ়িব নোৱাৰা জনলৈ, সকলোৰে হেঁপাহ প্ৰাণৰ শিল্পী গৰাকীক এবাৰ চোৱাৰ।

জুবিনে কৈছিল- “মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই,মই মুক্ত, মই কাঞ্চনজংঘা।” সচাঁকৈয়ে,সেইদিনা অসমত কোনো জাতিৰ বিবাদ নাছিল, কোনো ভাষাৰ হেঙাৰ নাছিল, নিজৰ ধৰ্ম কি সকলোৱে পাহৰি পেলাইছিল। কোনো সৰু ডাঙৰ নাছিল, সকলোৱে কেৱল কৈছিল ”জুবিন আমাৰ আছিল।”
জুবিনে কৈছিল, :politices নকৰিবা বন্ধু।” সেই বাবেই যেন জাতিৰ সত্তা গৰাকীৰ শেষ যাত্ৰাত আঠু কাঢ়ি সেৱা ল’লে কান্ধত ৰাজ্যখনৰ ভাৰ লৈ থকা মুখ্যমন্ত্ৰীগৰাকীয়েও। চলচলীয়া চকুহালেৰে কেৱল এজন অনুৰাগী হিচাপে জনাইছিল শেষ শ্ৰদ্ধাঞ্জলি। নিজৰ পুত্ৰক হেৰুৱাৰ পিছত পিতৃৰ কৰণীয় সকলোখিনি কামেই যেন তেওঁ কৰিছিল। তেওঁৰ বাবে যেন আৰু হেৰুৱাব লগীয়া একোৱেই নাথাকিল। কি ৰাজ্যিক সভাপতি, কি কেন্দ্ৰীয় মন্ত্ৰী, সকলো নিমাত-নিস্তব্ধ।

জুবিনৰ মৃ/ত্যুত কেৱল অসমে কান্দি উঠা নাছিল। ভাৰতৰ লগতে সকলো দেশৰ মানুহ হতাশ হৈ পৰিছিল। অসমৰ ইতিহাসৰ সৰ্ববৃহৎ সমদলটি দেখি সকলোৰে মনত কেৱল এটাই প্ৰশ্ন আহিল যে জুবিন প্ৰকৃততে কোন আছিল ? এজন গায়কৰ মৃ/ত্যু এজন মহাপুৰুষতকৈ কিয় ডাঙৰ হৈ পৰিল ? কাৰণ জুবিন মহান আছিল। বহি ৰাজ্যত সকলোৱে ভাবিছিল যে এজন গায়কক কোনে ইমান মৰম দিব পাৰে , আৰু তাৰ উত্তৰ অসমবাসীয়ে সমদলে দিছিল। জুবিন অসমীয়াৰ নিজৰ আছিল, অসমীয়াই নিজৰ শৈশৱ কৈশোৰৰ লগতে কোনোজনে নিজৰ জীৱন পাৰ কৰিছিল জুবিনৰ জড়িয়তে। জুবিন সেইটো সুৰ আছিল যিয়ে কোনোদিন কাকো অকলশৰীয়া হʼবলৈ দিয়া নাছিল। সুখতো জুবিন, দুখতো জুবিন, তাতোকৈ উৰ্দ্ধত জুবিন আছিল বাবেই অসম আছিল। জুবিন এটি আ/ত্মা আছিল, যিয়ে সংগীতক জাতি-ধৰ্ম-ভাষাতকৈ শীৰ্ষত উজ্বলাই ৰাখিছিল।মানুহেই কেৱল জুবিনৰ অনুৰাগী নাছিল, আকাশ বতাহ সকলো আছিল জুবিনৰ অনুৰাগী। সেইবাবে আকাশখনেও যেন কান্দি উঠিছিল কিছু সময় তেখেতৰ বাবে।
অসমবাসীয়ে বিশ্বক দেখুৱাই দিলে যে জুবিন অবিহনে অসমৰ প্ৰতিটো উৎসৱ আধৰুৱা আছিল, জুবিন আছিল বাবেই প্ৰেম আছিল, মৰম আছিল, ভালপোৱাৰ সংজ্ঞা আছিল।

বিশ্ববাসীয়ে জুবিনৰ বিষয়ে জানিবলৈ তেওঁৰ গীত শুনাৰ প্ৰয়োজন নাই, অসমবাসীৰ সেমেকা চকুলোৱেই দেখুৱাই দিলে জুবিনৰ ব্যক্তিত্ব। কাৰণ চকুলোৰে প্ৰমাণ হয় ব্যক্তিৰ মহানতা। ৰাইজৰ ভিৰত প্ৰমাণিত হয় হেঁপাহৰ গভীৰতা, আৰু জুবিনৰ বাবে অসমবাসীৰ ভিৰে সত্য প্ৰমাণিত কৰে সেই কথাৰ।
মৃ/ত্যুৰ অৰ্থ বুজি নুঠা শিশুকেইটাইও ভিৰৰ মাজত চিঞৰি আছিল জয় “জুবিন দা।” পৰিৱেশ দেখিয়েই অনুভৱ কৰিছিল সিহঁতে যে তেওঁ সঁচাকৈ মহান আছিল। থৰক বৰক খোজেৰে হাতত লাখুতি লৈ এটি মৃত দেহ চাবলৈ কোনে ঢাপলি মেলি আহিব পাৰে সেই কথা নতুনকৈ বুজোৱাৰ প্ৰয়োজন একেবাৰেই নাই।
এটি প্ৰেমৰ গীতক অসমবাসীয়ে প্ৰাৰ্থনালৈ ৰূপান্তৰ কৰি তুলিলে। জুবিন গাৰ্গৰ চি/তাৰ কাষত কেৱল মায়াবিনী মায়াবিনী আৰু মায়াবিনী….
চি/তাৰ জুই নুমাই গʼল, কিন্তু চকুলোৰ জুইকুৰা নুনোমাল আজিও। মৃ/ত্যুৱেই মহান কৰি তুলিলে তেওঁক।

এতিয়াৰ পৰা অসমত‌ কোনো শিল্পী নাথাকিব, এতিয়াৰ পৰা অসমত নাথাকিব কোনো গায়ক, নাথাকিব কোনো গীত। কাৰণ জুবিন মানেই আছিল সকলো। জুবিনৰ‌ মৃ/ত্যু হোৱা নাই, জুবিন এতিয়া নতুনকৈ জন্মিছে। কোনোকালে গীত ভাল‌ নোপোৱাজনেও জুবিনৰ গীত শুনিব। প্ৰেম, ভালপোৱা, জীৱনৰ সংজ্ঞা নুবুজাজনেও এতিয়া জুবিনৰ গীততে বিচাৰিব সমাধান।
স্বীকৃতিৰ প্ৰয়োজন নাই, অনুৰাগীৰ মৰমতকৈ ডাঙৰ স্বীকৃতি আন একোৱেই হʼব নোৱাৰে জুবিন গাৰ্গৰ বাবে। জন্ম জন্মান্তৰলৈকে জুবিন এনেদৰেই জীয়াই থাকিব। অসমবাসীয়ে তেওঁক জীয়াই ৰাখিব, চিৰদিন, চিৰকাল ….

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + eight =

Back to top button