অসমৰ ৰাজনীতিত ১৫ বছৰে সিংহাসনত বহি ৰাজ্য চলোৱাৰ লগতে সমগ্ৰ অসমবাসীৰে প্ৰিয় নেতাগৰাকী নথকা আজি এটা বছৰেই পাৰ হ’ল। আজি ২৩ নৱেম্বৰ, এই দিনটোতেই বিগত বৰ্ষত সমগ্ৰ অসমবাসীকে কন্দুৱাই পৰলোকলৈ গমন কৰিছিল চিৰতৰুণ তৰুণ গগৈয়ে।
ক’ভিড-১৯ৰ পিছত হোৱা জটিলতাৰ সৈতে তিনি সপ্তাহ যুঁজ দিয়াৰ পিছত অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

২০২০ চনৰ ২৫ আগষ্টত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল মুখ্যমন্ত্ৰী তৰুণ গগৈ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৬ বছৰ। জীৱনৰ শেষমুহূর্তলৈকে ৰাজনীতিৰ সৈতে জড়িত থকা তৰুণ গগৈয়ে তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল। তেখেতৰ মৃত্যুৰ পাছৰে পৰা উকা হৈ পৰিল অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখন, খালী হৈ পৰিল কইনাধৰা পাহাৰ। কিয়নো ১৫টা গৌৰৱোজ্জ্বল বছৰে কইনাধৰা পাহাৰৰ এখন চিনাকি মুখ আছিল তৰুণ গগৈ।
আনকি অসম চৰকাৰেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সন্মানত তিনিদিনীয়াকৈ ঘোষণা কৰিছিল ৰাজ্যিক শোক।

শেহতীয়াকৈ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰদান কৰা হৈছে দেশৰ অসামৰিক সন্মান ‘পদ্মভূষণ’। তেওঁৰ অনুপস্থিতিত পত্নী ডলী গগৈয়ে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰে এই বঁটা।

তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত টুইটাৰযোগে, অসম প্ৰদেশ যুৱ কংগ্ৰেছে লিখিছে, “আমি আমাৰ প্ৰিয় নেতা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদ্মভূষণ শ্ৰী তৰুণ গগৈক তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। অসম আৰু অসম সংস্কৃতিৰ উন্নতিৰ বাবে আপোনাৰ ত্যাগ আৰু কাম অসমৰ ৰাইজে চিৰদিনলৈ স্মৰণ কৰিব।”
We pay our sincere tribute to our beloved leader, Former Chief Minister of Assam, Padma Bhushan Shri Tarun Gogoi on his 1st death anniversary.
Your sacrifice and work for the upliftment of Assam and Assamese culture will be remembered by the people of Assam forever. pic.twitter.com/BMowSmRw1P— Assam Pradesh Youth Congress (@IYCAssam) November 23, 2021
২০০১-২০১৬ বৰ্ষলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও, প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীয়ে পি ভি নৰসিংহ ৰাওৰ চৰকাৰৰ সময়ত ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

আজীৱন কংগ্ৰেছৰ অনুগত থকা তৰুণ গগৈয়ে তেওঁৰ গৃহ চহৰ যোৰহাটৰ পৰা উঠি আহি কইনাধৰাত বাস কৰিছিল। তেখেতে ১৯৭১ৰ পৰা ১৯৮৫লৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ লগতে ১৯৯১ৰ পৰা ১৯৯৬লৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
অসমবাসীৰ প্ৰিয় ৰাজনীতিবিদ, বলিষ্ঠ নেতৃত্বৰে ৰাজনীতিৰ জগতত আগুৱাই যোৱা নেতা তৰুণ গগৈ অবিহনে অসম ৰাজনীতি জগত উকা হৈ ৰ’লেও তেখেতৰ আদৰ্শৰে এতিয়াও মহীয়ান বহু ৰাজনীতিবিদ।


