অপৰাধঅসমদৈনিক বাতৰি

স্বামীৰ পৰিয়ালে গাপ দিব বিচৰা নিশিতাৰ মৃত্যুৰ ৰহস্য ফাদিল!

প্ৰথমে বনালে ভিডিঅ, তাৰ পাছত চলন্ত ৰে’লৰ সন্মুখত পৰি আত্মহত্যা বোৱাৰীৰ

স্বামীৰ পৰিয়ালে গাপ দিব বিচৰা নিশিতাৰ মৃত্যুৰ ৰহস্য ফাদিল!

প্ৰথমে বনালে ভিডিঅ, আৰু তাৰ পাছত চলন্ত ৰে’লৰ সন্মুখত পৰি আত্মহত্যা এগৰাকী বোৱাৰীৰ।

চলন্ত ৰে’লৰ সন্মুখত পৰি বোৱাৰীয়ে আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়া জিলাৰ ডিগবৈ অঞ্চলত। কিয়নো আত্মহত্যা কৰাৰ পূৰ্বে বোৱাৰী গৰাকীয়ে নিজৰ মোবাইলত ভিডিঅ’ বনাই আত্মহত্যাৰ বাবে তেওঁ স্বামীৰ ঘৰ দায়ী বুলি উল্লেখ কৰিছিল। স্বামীগৃহত সন্মুখীন হোৱা নিৰ্মম অত্যাচাৰৰ বিষয়ে বৰ্ণণা কৰিছিল ভিডিঅ’টোত।

স্বামী গৃহত তেওঁ স্বামী, শহুৰ-শাহুয়েক তথা আন আন সদস্যই দীৰ্ঘদিন ধৰি চলোৱা শাৰিৰীক-মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি ১০ ছেপ্তেম্বৰ অৰ্থাত শুকুৰবাৰে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়।

ডেৰ বছৰীয়া এটি কন্যা সন্তানক এৰি এনেদৰে আত্মহত্যা কৰা ডিগবৈৰ বোৱাৰীগৰাকীৰ নাম হ’ল নিতিশা চক্ৰৱৰ্তী।

উল্লেখ্য যে ২০১৮ চনত ডিগবৈ পি এন জি বি ৰোডৰ দিপাংকৰ চক্ৰৱৰ্তীৰ লগত বিয়া হৈছিল নিতিশাৰ। বিয়াৰ পাছৰ পৰা তেওঁৰ লগত প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল স্বামীৰ ঘৰৰ প্ৰতিজন সদস্য।

কাজিয়াই চৰম ৰূপ পোৱাত যোৱা তিনি দিন পূৰ্বে স্বামী গৃহ এৰি ডিগবৈ ষ্টেচনৰ মাতৃ গৃহলৈ ঘূৰি আহিছিল নিতিশা।

স্বামী গৃহত এৰি অহা ডেৰ বছৰীয়া কন্যাক আনিবলৈ নিতিশাই দেউতাকৰ লগত স্বামী গৃহলৈ গৈছিল যদিও দুয়োকে অপমান কৰি খেদি পঠিয়ায় স্বামী গৃহৰ লোকে। এই কথাত যথেষ্ট মানসিকভাবে ভাগি পৰিছিল নিতিশা। শেষত আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় নিতিশাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 18 =

Back to top button