EPSTEIN FILES কি ? শিশুক যৌ/নদাস ৰূপে ব্যৱহাৰ কৰা Jeffrey Epstein কোন ?
মাৰ্কিন ন্যায়িক বিভাগে মুকলি কৰি দিছে এপষ্টেইন ফাইল

চৰ্চাত থকা এপষ্টেইন ফাইল কি ? জেফৰি এপষ্টেইন কোন ? ১৯৯৮ চন… এজন লোকে এটা ৭৫ একৰ মাটিকালিৰ এটা দ্বীপ কিনিলে। দ্বীপটোৰ নাম-লিটল চেইণ্ট জেমস। এটা ধুনীয়া দ্বীপ। কিন্তু এই প্ৰাইভেট বিলাসী ধুনীয়া দ্বীপটোত চলিছিল ভয়াৱহ ঘটনা। সাগৰৰ মাজত থকা দ্বীপটোৰ চৌদিশে কেৱল সেউজীয়া আৰু মাজত এটা বিলাসী অট্টালিকা । দুটা ছুইমিং পুল, অসংখ্য গেষ্ট ভিলা। কিন্তু এই স্বৰ্গীয় দৃশ্যৰ মাজতেই লুকাই আছিল পৃথিৱী কঁপি যোৱা ভয়াৱহ সত্য।

কি আছিল ইয়াত… ১০০০ শিশুক যৌ/নদাস ৰূপে ব্যৱহাৰ কৰা হৈছিল এই দ্বীপত। আছিল ১২-১৯ বছৰৰ ভিতৰৰ ২ সহস্ৰাধিক কিশোৰী-যুৱতী। আৰু দ্বীপটো ক্ৰয় কৰি অন্ধকাৰ নাৰী দেহৰ বজাৰ খুলি বহা জেফৰি এপষ্টেইনে নিজকে ঘোষণা কৰিছিল স্বঘোষিত ৰজা।কোন অহা নাছিল তালৈ। কাৰ ফটো অহা নাই পোহৰলৈ।ছোৱালীবোৰ-শিশুবোৰ সেই দ্বীপৰ পৰা পলাবলৈ নোৱাৰিছিল, কিয়নো চৌদিশে সাগৰৰ পানী। কোনোৱে পলাবলৈ বিচাৰিলে সন্মুখত ভয়াৱহ মৃ/ত্যু। সেই দ্বীপলৈ যাবলৈ ব্যৱহাৰ কৰিব লাগে জেফৰি এপষ্টেইনৰ নিজৰ জাহাজেৰে। অন্যথা প্ৰৱেশ নিষিদ্ধ। এজন গণিতৰ শিক্ষক হৈ পৰিল বেংক বিনিয়োগৰ মাষ্টাৰমাইণ্ড।

যৌ/ন কেলেংকাৰিৰ এপষ্টেইন ফাইল মুকলি কৰিছে আমেৰিকাই। মাৰ্কিন ন্যায়িক বিভাগে মুকলি কৰি দিছে এপষ্টেইন ফাইল। এপষ্টেইন ফাইলে মুখা খুলিছে বিশ্বৰ বহু হাই প্ৰফাইলৰ। এই এপষ্টেইন ফাইলৰ পৰা সাৰি যোৱা নাই বহুতৰ নাম।সাৰি যোৱা নাই ক্ষমতাশালী ৰাষ্ট্ৰপ্ৰধান, ধনকুবেৰ।

আমেৰিকাৰ কুখ্যাত যৌ/ন অপৰাধী জেফৰি এপষ্টেইনে মৃ/ত্যুৰ পাছতো শান্তিত থাকিবলৈ দিয়া নাই বিশ্বৰ চেলেব্রিটী ৰাষ্ট্ৰপ্ৰধান আৰু উদ্যোগপতিক । এপষ্টেইন ফাইলত নিৰ্বিঘ্নে চলি আছিল নাৰী দেহৰ বেহা। কিন্তু ২০০৫ৰ মাৰ্চ মাহত চনত আৰক্ষীক দিয়া এটা অভিযোগে পোহৰলৈ আনে ৰঙীন-বিলাসী দ্বীপৰ ভয়াৱহ ঘটনাক্ৰম। এগৰাকী ১৪ বছৰীয়া কিশোৰী আৰু তেওঁৰ অভিভাৱকে কাষ চাপে ফ্লৰিডা আৰক্ষীৰ। ৰয়েল পাম স্কুলৰ ছাত্রীগৰাকীক তেওঁৰ এগৰাকী সহপাঠীয়ে মাসাজ দিবলৈ লৈ গৈছিল জেফৰি এপষ্টেইনৰ ঘৰলৈ। আৰু তাত ধ/ৰ্ষণ/ৰ ব/লি হৈছিল কিশোৰীগৰাকী। যেতিয়া আৰক্ষীয়ে সুধিছিল তেওঁ আন কাৰোবাক জানে নেকি? তেতিয়া তেওঁ দুগৰাকী বেলেগ কিশোৰীৰ নাম কৈছিল, সেই দুগৰাকীয়ে আন তিনিগৰাকীৰ নাম কৈছিল এনেকৈয়ে আৰম্ভ হৈছিল আজিৰ এপষ্টেইন ফাইলৰ আৰম্ভণি। মায়ামীৰ ফেডাৰেল এটৰণী আলেকজেণ্ডাৰ একছতাই এপষ্টেইনৰ অধিবক্তাই কৰিছিল এক গোপন দীল। এই deal অনুসৰি নাৰীক যৌ/নবৃত্তিত প্ৰয়োগ কৰা দুটা গোচৰত সৈমান হ’ব জেফৰি। আৰু ঠিক তেনেকৈয়েই ৩১ জুন, ২০০৮ চনত আদালতত নিজৰ দোষ স্বীকাৰ কৰে জেফৰীয়ে। আদালতে ১৮ মাহৰ কাৰাগাৰলৈ নিক্ষেপ কৰে জেফৰি এপষ্টেইনক। কিন্তু এইখিনিতেই মনত ৰাখিব সেই আলেকজেণ্ডাৰ একছতা ট্ৰামপ চৰকাৰৰ চেক্ৰেটাৰী অৱ লেবাৰৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু সেই কথা মানি ল’ব পৰা নাছিল আমেৰিকাৰ ইনভেষ্টিগেটিভ সাংবাদিক জুলি কে ব্ৰাউনে কিন্তু এৰি দিয়া নাছিল ঘটনাটো। ২০১৮ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰিছিল ধাৰাবাহিক প্ৰতিবেদন। এই প্ৰতিবেদনৰ নাম-perversion of justice… এই প্ৰতিবেদনৰ পিছত আৰম্ভ হৈছিল প্ৰতিবাদ। নিউয়ৰ্কত আৰম্ভ হ’ল আকৌ বিচাৰ প্ৰক্ৰিয়া। এইবাৰ নাৰী দেহ সৰবৰাহৰ প্ৰত্যক্ষ গোচৰত গ্ৰেপ্তাৰ হ’ল জেফৰি এপষ্টেইন। কিন্তু ২০১৯ চনৰ ১০ আগষ্টত কাৰাগাৰত মৃত অৱস্থাত উদ্ধাৰ হয়। অৱশেষত মার্কিন ন্যায়িক বিভাগে এইবাৰ মুকলি কৰি দিয়া এপষ্টেইন ফাইলৰ তথ্যত জিলিকি আছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। আছে ব্রিটেইনৰ এসময়ৰ ৰাজকুমাৰ এন্দ্ৰু। ফাইলত আছে ধনকুবেৰ বিল গেটছৰ যৌ/নলীলাৰ তথ্য। নাম আছে বিজ্ঞানী ষ্টিফেন হকিঙৰ। আছে ভাৰতীয় ছবি নিৰ্মাতা মীৰা নায়াৰৰো নাম । আমেৰিকাৰ ন্যায়িক বিভাগে এইবাৰ মুকলি কৰিছে ৩ নিযুত পৃষ্ঠা, ১,৮০,০০০ ফটো, ২,০০০ ভিডিঅ’। এই তথ্য ইমানদিনে বন্দী হৈ আছিল যৌ/ন অপৰাধী জেফৰি এপষ্টেইনৰ ফাইলত। উল্লেখযোগ্য, মার্কিন নাগৰিক জেফৰি এপষ্টেইন আছিল এজন নাৰী সৰবৰাহকাৰী।প্রথমে ডেল্টন স্কুলত অংক আৰু ফিজিক্স পঢ়াইছিল তেওঁ। পাছলৈ বেংকিং তথা বিত্তীয় খণ্ডত প্ৰৱেশ কৰে এপষ্টেইনে।

এই সকলো এৰি এসময়ত প্ৰায় ১০০০ কিশোৰী আৰু সহস্রাধিক সুন্দৰী নাৰীৰ জৰিয়তে পৃথিৱীৰ অসংখ্য অভিজাত ব্যক্তিক যৌ/নসু/খ প্ৰদান কৰিছিল এপষ্টেইনে।
তেওঁ লিটল ছেইন্ট জেমছ নামৰ এটা সৰু দ্বীপ ক্ৰয় কৰি তাত যৌ/নতা/ৰ আসৰ বহুৱাইছিল। নিজৰ বিমানেৰে বিশ্বৰ বিভিন্ন অভিজাত ব্যক্তিক তালৈ নি অপ্রাপ্তবয়স্ক কিশোৰীৰ দ্বাৰা যৌনসুখ দিছিল।
সেই দ্বীপত সংঘটিত সকলো যৌনাচাৰৰ ঘটনা তেওঁ ফটো আৰু ভিডিঅ’ৰে গোপনে সংগ্ৰহ কৰি ৰাখিছিল। সেয়া হৈ পৰিছিল ব্লে/কমেইল/ৰ জৰিয়তে এপষ্টেইনৰ বিশাল অর্থ সংগ্ৰহৰ উৎস।

বিশ্বৰ উন্নত দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ পৰা আৰম্ভ কৰি বিল গেটছ, ইলন মাস্কৰ দৰে ধনকুবেৰ তেওঁৰ অতিথি আছিল। তেওঁৰ সংগ্ৰহত থকা সেই যৌ/নাচা/ৰৰ তথ্য, ফটো আৰু ভিডিঅ’ মার্কিন ন্যায়িক বিভাগে এতিয়া মুকলি কৰাত বিশ্বজুৰি হুলস্থুল হৈছে।
এপষ্টেইন ফাইলৰ সদ্য প্রকাশিত তথ্যত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ৩৫ বছৰ পূৰ্বে ১৪ বছৰীয়া কিশোৰীৰ সৈতে কৰা যৌ/নাচা/ৰ,ধনকুবেৰ বিল গেটছে এগৰাকী ৰাছিয়াৰ সুন্দৰীৰ সৈতে কৰা যৌ/নলী/লা, ইলন মাস্কৰ সৈতে থকা সম্পৰ্ক, ব্রিটেইনৰ প্ৰিন্স এন্দ্ৰুৱে এপষ্টেইনৰ দ্বীপৰ গোপন কোঠাত এগৰাকী কিশোৰীৰ শৰীৰৰ ওপৰলৈ আঠুকাঢ়ি বগাই অহাৰ ফটো, ভিডিঅ’ প্রকাশ পাইছে।

এই তথ্যই বিশ্বজুৰি প্রবল প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এপষ্টেইন ফাইলটোৱে যেন এটা পেণ্ডোৰাৰ বক্স খুলি দিছে। এটাৰ পিছত এটাকৈ নাম ওলাই আহিছে। আমেৰিকাৰ অভিজাত শ্ৰেণীক জোকাৰি গৈছে। পৃথিৱীৰ বিশাল ব্যক্তিত্বৰ চৰিত্ৰৰ অন্ধকাৰ দিশটো ওলাই পৰিছে।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু প্ৰাক্তন ফাৰ্ষ্ট লেডী হিলাৰী ক্লিণ্টনো সেই তালিকাত আছে। অৱশেষত তেওঁলোকে আমেৰিকান কংগ্ৰেছৰ সন্মুখত সাক্ষ্য দিবলৈ সন্মত হৈছে। অনুমান কৰা হৈছে যে এইবাৰ যৌ/ন অপৰাধী এপষ্টেইনৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ তথ্য পোহৰলৈ আহিব।
যোৱা বছৰৰ ডিচেম্বৰ মাহত প্ৰথম পৰ্যায়ত ৩৯৬৫টা ফাইল মুকলি কৰা হৈছিল। সেই সময়ত বিল ক্লিণ্টনৰ কেইবাখনো ছবি পোহৰলৈ আহিছিল। এটাত তেওঁক চুইমিং পুলত সাঁতুৰি থকা দেখা গৈছে। দুয়োফালে দুগৰাকী ৰহস্যময়ী মহিলা। তেওঁলোকৰ মুখবোৰ দেখা যোৱা নাই।
ক্লিণ্টনৰ সোঁফালে এগৰাকী স্বল্পবসনা মহিলা। তেওঁৱো সাঁতুৰি আছে। অৱশ্যে তেওঁৰ মুখখন আনফালে ঘূৰাই ৰখা আছে। আনগৰাকীৰ মুখখন ক’লা ৰঙেৰে ঢাকি থোৱা আছে। তাৰ আগতে এপষ্টেইন ফাইলত হিলাৰী ক্লিণ্টনৰ নামো আহিছিল। কিন্তু সেইটো আছিল সাক্ষী হিচাপে, বিলৰ সৌজন্যত।

ইয়াৰ পিছত হাউছ ৰুলছ কমিটীয়ে বিল আৰু হিলাৰীক চমন দিয়ে। কিন্তু ক্লিণ্টন পৰিয়ালে সাক্ষ্য দিবলৈ অস্বীকাৰ কৰে। কোনো আইনে তেওঁলোকক এনেদৰে মাতিব নোৱাৰে বুলি দাবী কৰে। বিল ক্লিণ্টনে এপষ্টেইনৰ ব্যক্তিগত বিমানত উঠাৰ অভিযোগো উত্থাপন হৈছিল। পিছত তেওঁ শপতনামাত বিষয়টো স্বীকাৰ কৰে। বিলে কয় যে তেওঁ ক্লিণ্টন ফাউণ্ডেশ্যনৰ কামৰ বাবে এপষ্টেইনৰ বিমানত উঠিছিল। কিন্তু তেওঁ কেতিয়াও দ্বীপটোলৈ যোৱা নাছিল। হিলাৰীয়ে অৱশ্যে স্পষ্ট কৰি দিয়ে যে এপষ্টেইনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। তেওঁ কেতিয়াও তেওঁৰ বিমানত উঠা নাছিল, দ্বীপটোলৈও যোৱা নাছিল।
কূটনৈতিক বিশ্লেষকৰ এটা অংশই বিশ্বাস কৰে যে এপষ্টেইন গোচৰৰ সত্য উন্মোচন কৰিবলৈ সকলোকে তদন্তৰ আওতালৈ অনা উচিত। ৰিপাব্লিকানসকলেও বিল আৰু হিলাৰীৰ ওপৰত চাপ বৃদ্ধি কৰে। ইয়াৰ পিছতে তেওঁলোকে আমেৰিকান কংগ্ৰেছৰ আগত সাক্ষ্য দিবলৈ সন্মত হয়।
সোমবাৰে বিল ক্লিণ্টনৰ মুখপাত্ৰ এঞ্জেল ইউৰেনাই কয় যে, “প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন বিদেশ সচিবে সাক্ষ্য দিব। তেওঁলোকে সকলোৰে বাবে যে আইন সমান সেই আদৰ্শ দাঙি ধৰিব বিচাৰে।”
পূৰ্বে প্ৰকাশিত নথি-পত্ৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নামো দেখা গৈছিল। ট্ৰাম্প-ইজৰাইল সম্পৰ্কক লৈ কেইবাটাও বিস্ফোৰক দাবী উত্থাপন কৰা হৈছে। ইয়াৰ ফলত আমেৰিকাৰ ৰাজনীতিত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।
এপষ্টেইনৰ সৈতে বন্ধুত্ব অস্বীকাৰ কৰা নাছিল ট্ৰাম্পে। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে তেওঁৰ যৌ/ন অপৰাধৰ সবিশেষ তেওঁ জনা নাছিল। ২০০৮ চনত এপষ্টেইনৰ বিৰুদ্ধে নাবালিকা ধ/ৰ্ষণ আৰু সৰবৰাহকে ধৰি একাধিক অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। ২০১৯ চনৰ আগষ্ট মাহত গ্ৰেপ্তাৰ হোৱাৰ পিছত এমাহৰ ভিতৰতে কাৰাগাৰত আ/ত্মহ/ত্যা কৰে।