leatest updateঅসমদৈনিক বাতৰি

বোকাখাতৰ লতাবাৰীত ট্ৰাক-ডি আই বাহনৰ মুখামুখি সংঘৰ্ষ; সংঘৰ্ষত থিতাতে নিহত ১৩ বছৰীয়া কিশোৰ।

গুৰুতৰভাৱে আহত হয় ২জনকৈ লোক

বোকাখাতৰ লতাবাৰীত নিশা ভয়ংকৰ দূৰ্ঘটনা। ট্ৰাক আৰু ডি আই বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১৩ বছৰীয়া কিশোৰ। গুৰুতৰভাৱে আহত হয় ২জনকৈ লোক। নিহত উত্তৰ প্ৰদেশৰ ফৰিদাবাদৰ নিৰ্মল কুমাৰ। আহত অশ্চিনী কুমাৰ আৰু ৰুবুল হক।

যোৰহাট দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ট্ৰাক খনত বিপৰীত দিশৰ পৰা অহা বলে’ৰ পিক আপ বাহন খনে মুখামুখীকৈ খুন্দা মৰাৰ ফলত ট্ৰাকৰ চালক অশ্চিনী কুমাৰ, সহযোগী সঞ্জিত কুমাৰ লগতে ১৩ বছৰীয়া ভতিজা নিৰ্মল কুমাৰ আহত হয়। আনহাতে বলে’ৰ পিকআপ বাহনখনৰ চালক ৰুবুল হক গুৰুতৰ ভাৱে আহত হয়।ঘটনাৰ পাছতে আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত আহত সকলোকে বোকাখাতৰ চৰকাৰী চিকিৎসালয়লৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰনৰ ব্যৱস্থা কৰাৰ অৱস্থাত ১৩ বছৰীয়া কিশোৰটীৰ মৃত্যু ঘটে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + eleven =

Back to top button