
পুনৰ চৰ্চালৈ আহিছে দীঘলীপুখুৰীৰ গছ কটা প্ৰসংগ । দীঘলীপুখুৰীৰ সমীপৰ গছ কটাক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে তুমুল প্ৰক্ৰিয়া । এইবাৰ এই বিষয়টোক লৈ বাকযুদ্ধ চলিছে অভিনেতা ৰবি শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সুযোগ লৈ দীঘলীপুখুৰীৰ সমীপৰ গছ সমূহ কটা বুলি অভিযোগ উত্থাপন কৰিছিল অভিনেতা ৰবি শৰ্মাই । এটা ব্যক্তিগত নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে এই অভিযোগ উত্থাপন কৰি কৈছিল,”জুবিন ঢুকোৱাৰ লগে লগে দীঘলীপুখুৰীৰ পাৰৰ গছ কেইডাল কাটি পেলালে । তেওঁলোকে জুবিনক ভাল পাওঁ বুলি ক’লে মই কিয় মানিম ?” লগতে এইক্ষেত্ৰত ৰাইজক সজাগ হবলৈ আহ্বান জনাইছিল অভিনেতাগৰাকীয়ে ।
অভিনেতাগৰাকীৰ এই মন্তব্যত সামাজিক মাধ্যমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । অভিনেতাগৰাকীৰ এই মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই । মন্ত্ৰী হাজৰীকাই সামাজিক মাধ্যমত এই সন্দৰ্ভত এটা পোষ্টত উল্লেখ কৰে, “ৰবি শৰ্মা ডাঙৰীয়া, আপোনাক কোনোবাই ভুল পথেৰে পৰিচালিত কৰিছে । আমাৰ মৰমৰ শিল্পী জুবিন দাৰ মৃত্যুৰ পাছত দীঘলীপুখুৰীৰ গছ কটা কথাটো এক অপপ্ৰচাৰ । এই সন্দৰ্ভত মই স্পষ্ট কৰি দিব খোজো যে দীঘলীপুখুৰীৰ পাৰৰ গছ কোনেও কটা নাই, দীঘলীপুখুৰীৰ গছ কাটিবলগীয়া কোনো কথাও আহি পৰা নাই । এই অভিযোগ সম্পূৰ্ণ ভুৱা, ভিত্তিহীন ।” মন্ত্ৰীগৰাকীৰ এই প্ৰতিক্ৰিয়াৰ পাছত অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমত এক ভিডিঅ’ আপলোড কৰি উল্লেখ কৰি কয়, “মই বাৰু মিছা কথাই কৈছো; কিন্তু ভিডিঅ’ই মিছা কথা নকয় ।”
ইফালে, এই সমগ্র প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, “দীঘলীপুখুৰীৰ পাৰৰ এডালো গছ কটা হোৱা নাই । এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয় । প্ৰতিজোপা গছ জীয়াই আছে । মৃত্যুৰ আগতে গছবোৰ জীয়াই থাকিব বুলি মই জুবিনক কথা দিছিলো । এইবোৰ হৈছে অপপ্ৰচাৰ ।”
