SocialSocial Networkআন্তঃৰাষ্ট্ৰীয়

চীনা এপৰ উত্থানত শংকিত আমেৰিকা!

DeepSeek বনাম ChatGPT, DeepSeek আৰু ChatGPT-ৰ মাজত বাছনি কৰোঁতে সাৱধান হওক

কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ অগ্ৰগতিয়ে বৰ্তমান বাণিজ্যিক দিশত উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। ইয়াৰে দুটা উল্লেখযোগ্য নাম হ’ল চীনৰ ডিপছিক (DeepSeek) আৰু আমেৰিকাৰ চ্য়াট জিপিটি (ChatGPT)। DeepSeek আৰু ChatGPT দুয়োটা প্লেটফৰ্মে AI-ভিত্তিক সেৱা আগবঢ়ায়। কিন্তু দুয়োটা এপৰে ব্যৱহাৰিক ক্ষেত্ৰত উল্লেখযোগ্য পাৰ্থক্য আছে।

DeepSeek কি?
দক্ষিণ-পূব চীনৰ হাংঝৌ চহৰত প্ৰতিষ্ঠা হোৱা ডিপচিক ২০২৩ চনৰ জুলাই মাহত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। যোৱা ২০ জানুৱাৰীত চীনা কোম্পানী ডিপছিকে অ’পেন ছ’ৰ্চ ৰিজনিং মডেল অৰ্থাৎ বিনামূলীয়া ব্যৱহাৰযোগ্য কৃটিম বুদ্ধিমত্তা প্ৰযুক্তিৰ এপ হিচাপে ‘ডিপছিক-আৰ ৱান’ক নেট জগতৰ বজাৰত মুকলি কৰিছিল। সোমবাৰে ডিপছিকে ‘এ আই’ এপ বিধৰ আনুষ্ঠানিক আত্মপ্ৰকাশ ঘোষণা কৰে। এই এপৰ ব্যৱহাৰ আৰু ডাউনলোড প্ৰতিদিনে বৃদ্ধি পায় আৰু বিশ্বৰ বিভিন্ন শ্বেয়াৰ বজাৰত ইয়াৰ প্ৰভাৱ অতি প্ৰকট হৈ পৰে।

ChatGPT কি?
ChatGPT হৈছে OpenAI দ্বাৰা সৃষ্টি কৰা এক কৃত্ৰিম বুদ্ধিমত্তাৰ এপ, যি InstructGPT মডেলৰ ওপৰত নিৰ্মিত। ই ৩৭০ জিবিৰো অধিক টেক্সট ডাটা আৰু ইণ্টাৰনেটৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত প্ৰশিক্ষিত। ২০১৫ চনত OpenAI আৰম্ভ কৰা কোম্পানীটোৰ মূল উদ্দেশ্য আছিল কৃত্ৰিম বুদ্ধিমত্তাক সকলোৰে বাবে ব্যৱহাৰযোগ্য কৰা। OpenAI-ৰ ChatGPT-এ সাধাৰণ ব্যৱহাৰকাৰীৰ পৰা Enterprises-লৈ সকলোকে লক্ষ্য কৰি বহুমুখী AI ক্ষমতা আগবঢ়ায়। ChatGPT-এ কথোপকথন, বিষয়বস্তু সৃষ্টি, অনুবাদ আদিৰ বাবে সুবিধা আগবঢ়াই । ChatGPT-এ গ্লোবেল প্ৰসাৰতো যথেষ্ঠ সহায় কৰে। বৰ্তমান ই ১৫০+ দেশত ব্যৱহাৰ হয়। বহুভাষিক সমৰ্থনৰ বাবে ChatGPT-এ জনপ্ৰিয়তা অৰ্জন কৰিছে ।

DeepSeek বনাম ChatGPT
DeepSeekএ কৃত্ৰিম বুদ্ধিমত্তা আৰু এপ চফ্টৱেৰ আদি ডেভেলপ কৰাত সহায় কৰে । ইয়াৰ উপৰিও ই জটিল সমীকৰণ সমাধান কৰাত দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে DeepSeek-এ প্ৰধানত এন্টাৰপ্রাইজ (Enterprise) স্তৰৰ বাবে AI সমাধান কেন্দ্ৰিত কৰে। ই স্বাস্থ্য সেৱা, ই-কমাৰ্চ আৰু অৰ্থনীতিৰ ক্ষেত্ৰতো বিশেষ সমাধান প্ৰদান কৰে। DeepSeekএ ইয়াৰ শক্তিশালী কোম্পানীসমূহৰ ডাটা বিশ্লেষণত সহায় কৰে। চীনৰ বজাৰত DeepSeek-ৰ জনপ্ৰিয়তা থকাৰ বাবে চীনা Enterprises-সমূহৰ মাজত স্থানীয় প্রাধান্য বা ইয়াৰ চাহিদা বেছি।

DeepSeek আৰু ChatGPTৰ মাজত যদি তুলনামূলক বিশ্লেষণ কৰা হয় তেন্তে তলত আলোচনা কৰাৰ দৰে আলোচনা কৰিব পাৰি –
1. DeepSeekৰ লক্ষ্য আৰু বজাৰৰ কথা আলোচনা কৰিলে DeepSeek কেৱল চীন-কেন্দ্ৰিক Enterprises।
কিন্তু ChatGPT গ্লোবেল, ব্যক্তিগত Enterprises অৰ্থাৎ সামগ্ৰীকভাৱে বৃহৎ আৰু ইয়াৰ ব্যৱহাৰকাৰীৰ দেশৰ সংখ্যা বেছি।
2. DeepSeek R1 আৰু ChatGPTৰ মূল্য আৰু প্ৰশিক্ষণ খৰচ ভিন্ন। DeepSeek R1 মডেলৰ প্ৰশিক্ষণ খৰচ $৫৫ লাখ, আৰু API অভিগম $0.14 প্ৰতি মিলিয়ন (প্ৰায় 750,000 শব্দ)ৰ পৰা আৰম্ভ হয়। OpenAI ৰ o1 মডেলৰ বাবে এই মূল্য $7.50। ChatGPTৰ পেইড চাবস্ক্ৰিপচন $২০ প্ৰতি মাহৰ পৰা আৰম্ভ হয়, যেতিয়া DeepSeekৰ মূল্য মাত্ৰ $০.৫০ প্ৰতি মাহৰ পৰা। DeepSeek R1 OpenAI ৰ o1 মডেলৰ তুলনাত ২৭ গুণ কম খৰচী ।
3. DeepSeek ব্যৱহাৰ চীনৰ বাবে অনুকূল কিন্তু ChatGPT বহুভাষিক, User-Friendly.

DeepSeek আৰু ChatGPT-ৰ মাজত বাছনি কৰোঁতে সাৱধান হওক। এই ছফটৱেৰবোৰ ব্যৱহাৰ কৰোতে ব্যৱসায়িক প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিব লাগে। চীনত Enterprisesৰ বাবে DeepSeek ব্যৱহাৰ কৰাটো উপযোগী। আনহাতে গ্লোবেল মাৰ্কেটিং, কাষ্টমাৰ চাপোৰ্ট আদিৰ বাবে ChatGPT অধিক উপযোগী বুলি গণ্য কৰা হৈছে । বৰ্তমান দুয়োটাই AI-ৰ জগতখনত জিলিকি উঠিবলৈ সক্ষম হৈছে।

বৰ্তমান এ আইৰ তীব্ৰ প্ৰতিযোগীতাৰ ক্ষেত্ৰখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ঘাই প্রতিদ্বন্দ্বী হৈ পৰিছে চীন। গভীৰ আশংকা প্রকাশ কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। ট্রাম্পে কৈছে- ডিপছিকে বজাৰত যি ধুমুহা আনিছে তালৈ চাই মার্কিন কোম্পানীবোৰে টোপনিৰ পৰা সাৰ পোৱা উচিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button