পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম
কিমান টকাৰে কিনিব পাৰিব এতিয়া চিলিণ্ডাৰ
পুনৰ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম
মে’ৰ প্ৰথমটো দিনতে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য । অইল মাৰ্কেটিং কোম্পানীসমূহে হ্ৰাস কৰিলে চিলিণ্ডাৰৰ দৰ । ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে। প্ৰতিটো কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ১৯ৰ পৰা ২০ টকালৈ হ্ৰাস কৰা হৈছে। আজিৰে পৰা কাৰ্যকৰী হ’ব এই নতুন দাম। I প্ৰকাশ কৰিলে OCLৰ ৱেবছইটত ।
ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কত কিমান দাম হ্ৰাস
দিল্লীত চিলিণ্ডাৰৰ দাম ১৯ টকা হ্ৰাস কৰা হৈছে আৰু ইয়াৰ দাম ১৭৬৪.৫০ টকাৰ পৰা হ্ৰাস পাই এতিয়া ১৭৪৫.৫০ টকা ।
মুম্বাই চিলিণ্ডাৰৰ দাম ১৭১৭.৫০ টকাৰ পৰা হ্ৰাস পাই ১৬৯৮.৫০ টকা । চেন্নাইত এই চিলিণ্ডাৰৰ দাম ১৯ টকা হ্ৰাস পাইছে আৰু ইয়াৰ দাম ১৯৩০ টকাৰ পৰা ১৯১১ টকা ।
কলকাতাত চিলিণ্ডাৰৰ দাম ২০ টকা হ্ৰাস কৰা হৈছে । এতিয়ালৈ ১৮৭৯ টকাত বিক্ৰী হৈ থকা চিলিণ্ডাৰ এতিয়া লাভ কৰিব ১৮৫৯ টকা।
গুৱাহাটীত চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে ১৯.৫০ টকা । গুৱাহাটীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’ব ১৯৯১.৫০ টকা।
ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত দামৰ কোনো পৰিৱৰ্তন হোৱা নাই পূৰ্বৰ দৰেই আছে দাম । গুৱাহাটীত বৰ্তমান ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮৫২ টকা । দিল্লীত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮০৩ টকা আৰু উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰৰ দাম ৬০৩ টকা। কলকাতাত ঘৰুৱা চিলিণ্ডাৰ পূৰ্বৰ দৰেই ৮২৯ টকা । চেন্নাই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮১৮.৫০ টকা।