অসমৰাজনৈতিক

গোলকগঞ্জৰ সমষ্টি ভিত্তিত প্ৰায় ২৩ হেজাৰ মহিলাক মহিলা উদ্যমিতা আচঁনিৰ চেক প্ৰদান

উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী

ধুবুৰীৰ গোলকগঞ্জৰ হালাকুৰাত উপস্থিত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আচঁনিৰ অধীনত উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী গৰাকী। লগত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। গোলকগঞ্জৰ সমষ্টি ভিত্তিত প্ৰায় ২৩ হেজাৰ মহিলাক মহিলা উদ্যমিতা আচঁনিৰ চেক প্ৰদান।

মুখ্যমন্ত্ৰীয়ে কয়, “গৌৰৱ গগৈৰ পিতৃৰ চৰকাৰ থকা সময়ত লুঙি- ধুতি দিছিল । আমি অৰুনোদয়ৰ পৰা মহিলা উদ্যমিতা আচঁনিলৈকে, চাউলৰ পৰা মেডিকেললৈকে সকলো দিছোঁ।”

গৌৰৱ গগৈক কটাক্ষ কৰি কয়, “তেওঁ নিজৰ লৰা ছোৱালীকে বৃটিছ বনাই দিছে । যাৰ লৰা ছোৱালীয়ে ভাৰতীয় নহয় তেওঁ ৰাইজৰ কথা কি জানিব ?” বাল্য বিবাহ বন্ধ কৰা হ’ব কম সয়সত বাল্য বিবাহ দিয়া হ’লে জেলত দিয়া বুলি কয় মুখ্যমন্ত্ৰীয়ে।

ৰৈ ৰৈ বিনালে পাইৰেচী হোৱাক লৈ মুখ্যমন্ত্ৰী চিন্তিত। ইতিমধ্যে আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। পাইৰেচী বন্ধ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

গোলকগঞ্জত বিজেপি জিকিব নোৱাৰা বাবে চিলাৰায়ৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

কংগ্ৰেছ বিধেয়ক সভাতে অহা নাই, গতিকে কাম কেনেকৈ হ’ব বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। “চি এম আহিছে, গোলকগঞ্জৰ কংগ্ৰেছী বিধায়কে গুৰুত্ব দিয়া নাই।”

NHM ৰ প্ৰতিবাদ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য, “আন্দোলন কৰিছে কৰিব দিয়ক। আইন হাতত তুলি নল’লে হ’ল।” সকলো কামৰ সম দৰমহা দাবী সম্পৰ্কে কয়, “সকলো কামৰ সম দৰমহা বিচাৰিছে বিচাৰি থাকক, অসম চৰকাৰৰ যেতিয়া টকা হ’ব তেতিয়া দিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 17 =

Back to top button