leatest updateSocialঅপৰাধঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতসংস্কৃতি
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ উপহাৰ।
কাকপথাৰৰ এগৰাকী মহিলাই তাঁতশালত বৈ উলিয়াইছে এখন গামোচা। কি আছে সেই গামোচাখনত?

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ উপহাৰ। কাকপথাৰৰ এগৰাকী মহিলাই তাঁতশালত বৈ উলিয়াইছে এখন গামোচা। গামোচাখনত খোদিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামকে ধৰি কেইবাশাৰী বাক্য। গামোচাখন মুখ্যমন্ত্ৰীক নিজ হাতেৰে প্ৰদান কৰাৰ হেঁপাহ চেঙেলীজান গাঁৱৰ অৱন্তী চুতীয়াৰ। তাঁতশালতে জুৰিলে নিজে ৰচা যোজনা, গালে বিহু নাম ৷
ইতিমধ্যে মূখ্যমন্ত্ৰী গৰাকীক নিজ হাতেৰে গামোচা খন উপহাৰ স্বৰূপে প্ৰদান কৰিবলৈ যোগাযোগ কৰিছে স্থানীয় বিধায়ক বলিন চেতিয়াৰ সৈতে৷ বিধায়ক গৰাকীয়ে মহিলাগৰাকীক ইতিমধ্যে প্ৰদান কৰিছে ইতিবাচক সঁহাৰি ৷