Socialঅপৰাধঅৰ্থনৈতিকঅসমঅসম আৰক্ষী
ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ দিঘলীয়া চাৰ্জশ্বিট দাখিল
অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে!
অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰৌণক আলী হাজৰিকা।
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই ৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে জানিব পৰা গৈছে।
ইয়াৰ উপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত।
চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলীৰ মুঠ সম্পত্তিৰ মূল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।