বোন্দাত চোৰে লুটিলে সোণৰ অলংকাৰ, লক্ষাধিক টকা
চাহৰো সুৱাদ ল'লে স্মাৰ্ট চোৰে, নাক কটা গ'ল আৰক্ষীৰ

স্মাৰ্ট মহানগৰীৰ স্মাৰ্ট চোৰ। পুনৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ। ঘৰত কোনো নথকাৰ সুযোগত বোন্দাত একেদিনাই ৫টাকৈ বাসগৃহত চোৰে চলালে চাফাই অভিযান। লুটি নিলে বহু মূল্যৱান সা-সামগ্ৰী,সোণৰ অলংকাৰ আৰু লক্ষাধিক টকা। ইয়াৰ উপৰিও এঘৰৰ পাকঘৰত চাহ বনাই খাই উধাও হ’ল চোৰ।
উল্লেখ্য যে, বোন্দাৰ মোহন শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি গদৰেজ ভাঙি সোণৰ গহনা, নগদ ধন আৰু মূল্যৱান সামগ্ৰী লুট কৰি নিয়ে। তদুপৰি চোৰৰ দলটোৱে পৰিয়ালৰ ঘৰত তিনিটা চকী মেজ পাৰি পাকঘৰত চাহ বনাই বিস্কুটৰ সৈতে খাই যোৱা বুলিও পৰিয়ালে জানিবলৈ দিয়ে।
ইপিনে, মোহন শৰ্মাৰ ঘৰৰ সমীপত থকা কোষৰাম বৈশ্যৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ তৰ্জা বেৰৰ ঘৰৰ বেৰ কাটি চোৰৰ দলটোৱে প্ৰৱেশ কৰি গেছ ছিলিণ্ডাৰ, কাপোৰ কানি, নগদ ৭০০০ টকা লুটি নিয়ে। আনহাতে, একেঠাইৰ মেম্বৰ বে, গুণো ৰংপি আৰু ৰমেশ চাহানিৰ ঘৰৰ পৰা চোৰে পানীৰ মটৰ আৰু বৈদ্যুতিক তাৰ চুৰি কৰি নিয়ে। ঘটনা সন্দৰ্ভত পানীখাইটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।
উল্লেখ্য যে বিগত সময়চোৱাত স্মাৰ্ট আৰক্ষীৰ মুখত চূণ সানি চোৰে চলাই আছে চাফাই অভিযান। নিশাটোৰ ভিতৰতে মহানগৰীৰ বিভিন্নস্থানত একেনিশাই ৮-৫টাকৈ ঘৰত অভিযান চলোৱাৰ পিছতো চোৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰটো আৰক্ষী প্ৰশাসনৰ বাবে চৰম লজ্জাজনক।

