শুকুৰবৰীয়া নামাজত অঘটন! মছজিদত হোৱা বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে ৪৫জন লোকে…
পেছাৱাৰৰ কিচ্চা খৱানি বজাৰৰ জামিয়া মছজিদত নামাজৰ বাবে লোকসকল গোট খোৱাৰ সময়তেই বিস্ফোৰিত হয় বোমাটো। বিস্ফোৰণত ৩০জন লোক নিহত হোৱাৰ লগতে আহত হয় ৫০জন লোক
এক ভয়ংকৰ বোমা বিস্ফোৰণে কঁপাইছে পাকিস্তানৰ পেছাৱাৰ চহৰ। পেছাৱাৰৰ এটা মছজিদত শুকুৰবৰীয়া নামাজৰ সমাৱেশত হোৱা বোমা বিস্ফোৰণত মৃত্যুক সাৱটিলে ৪৫জন লোকে। ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৬৫জনতকৈ অধিক লোক।
পেছাৱাৰৰ কিচ্চা খৱানি বজাৰৰ জামিয়া মছজিদত নামাজৰ বাবে লোকসকল গোট খোৱাৰ সময়তেই বিস্ফোৰিত হয় বোমাটো। বিস্ফোৰণত ৪৫জন লোক নিহত হোৱাৰ লগতে আহত হয় ৫০জন লোক। বোমা বিস্ফোৰণৰ সময়ত মছজিদত ১৫০জন লোক সমৱেত হৈছিল।
قصہ خوانی بازار کے کوچہ رسالدار شیعہ جامع مسجد میں دو حملہ آور نے گھسنے کی کوشش کی
ڈیوٹی پر موجود پولیس اہلکاروں پر فائرنگ ہوئی ہے
فائرنگ سے ایک پولیس جوان شہید جبکہ دوسرا زخمی ہوا ہے جس کی حالت تشویشناک ہے
پولیس ٹیم پر حملہ کے بعد جامع مسجد میں دھماکہ ہوا ہے
1/2 pic.twitter.com/9gwfHSsPuG
— Capital City Police Peshawar (@PeshawarCCPO) March 4, 2022
অৱশ্যে আহত ১০জন লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। পেছাৱাৰ চহৰৰ আৰক্ষী বিষয়াৰ মন্তব্য অনুসৰি দুজন আক্ৰমণকাৰীয়ে মছজিদত প্ৰৱেশৰ বাবে চেষ্টা চলোৱাৰ লগতে নিৰাপত্তাৰক্ষীকো আক্ৰমণ কৰে। আক্ৰমণৰ ফলত এজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে এজনৰ থিতাতে মৃত্যু হয়। আৰু এই গুলীয়াগুলী ঘটনাৰ পিছতেই সংঘটিত হয় বোমা বিস্ফোৰণ। অৱশ্যে, এতিয়ালৈকে জানিব পৰা হোৱা নাই বিস্ফোৰণৰ আঁৰত জড়িত থকা লোকৰ বিষয়ে।

