AssamFestivalSocial

বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো আৰু এটা দিন বাকী

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মৃণ্ময় মূৰ্তিসমূহত অন্তিম পৰশ দিয়াত

বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো আৰু এটা দিন বাকী।ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মৃণ্ময় মূৰ্তিসমূহত অন্তিম পৰশ দিয়াত ।ব‍্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীতো । গুৱাহাটীৰ লাচিত নগৰৰ মৃন্ময় মূৰ্তি শালত ব‍্যস্ত মৃৎ শিল্পী।সাজি উলিয়াইছে শ শ বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ মূৰ্তি ।কেৱল ইমানেই নহয় মূৰ্তিসমূহৰ মূল্য ২০০ৰ পৰা ৭০০০ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰিছে যদিও বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ মূৰ্তি ক্ৰয় কৰিবলৈ এতিয়া নিৰ্মাণস্থলীত গ্ৰাহকে কৰিছে ভিৰ।লগতে তিতাবৰতো বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি তুংগত। বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি নিৰ্মাণত ব‍্যস্ত মৃৎ শিল্পী। পূৰ্বৰ তুলনাত মূৰ্তিৰ দাম কিছু পৰিমানে বৃদ্ধি হৈছে যদিও দাম বৃদ্ধিয়ে ম্লান পেলাব পৰা নাই পূজাৰ আনন্দ।ইয়াৰ লগতে ১৭ ছেপ্টেম্বৰৰ পূৰ্বে বিশ্বকৰ্মাৰ মূৰ্তি সাজি সম্পূৰ্ণ কৰিব লাগিব মৃৎ শিল্পীসকলে। সেয়ে মূৰ্তি নিৰ্মাণৰ পৰা মূৰ তুলিবলৈও সময় নাই প্ৰত‍্যেকজন মৃতশিল্পীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 6 =

Back to top button