
NDAত ‘পৰিয়ালতান্ত্ৰিক ৰাজনীতি’ৰ কদৰ। বিহাৰত ২৬ জন মন্ত্ৰীৰ ১০জনেই পৰিয়ালতন্ত্ৰৰ ফচল। দীপক প্ৰকাশ নামটো বৃহস্পতিবাৰৰ আগলৈকে বিহাৰৰ সাধাৰণ জনতাটো বাদেই, বহু ৰাজনীতিকেই শুনা নাছিল ৷ নজনাৰ কথাই…. কাৰণ দীপক প্রকাশ কিছুদিন আগলৈকে আছিল বিদেশত। বিহাৰৰ ৰাজনীতিৰে দীপক প্রকাশৰ নাছিল কোনো সম্পৰ্ক ৷
দীপক প্ৰকাশ কাহানিও ভোটযুদ্ধত অৱতীৰ্ণ হোৱা নাই। দীপক প্ৰকাশ নাছিল কোনো ৰাজনৈতিক দলৰ সদস্যও
অথচ, তেওঁ এতিয়া নীতিশ কুমাৰৰ মন্ত্ৰীসভাৰ সদস্য৷ তেওঁৰ যোগ্যতা এটাই যে দীপক প্রকাশ প্রাক্তন কেন্দ্রীয় মন্ত্রীৰ পুত্ৰ। পিতৃ বর্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা বিহাৰ বিধানসভাৰ প্রাক্তন বিৰোধী দলপতি উপেন্দ্র কুশোৱাৰাহাৰ পুত্ৰ ৷ মাতৃও এবাৰৰ বিধায়িকা ৷ এনডিএৰ সহযোগী ৰাষ্ট্রীয় লোক মর্চাৰ কোটাত মন্ত্ৰী হৈ গ’ল দীপক৷
মাথোঁ দীপকেই নে? নীতিশ কুমাৰ মন্ত্ৰীসভাৰ ২৬ সদস্যৰ ভিতৰত ১০ জনেই পৰিয়ালতন্ত্ৰৰ কোটাত হোৱা মন্ত্ৰী !
অন্য মন্ত্রীসকলৰ ভিতৰত- উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰী শকুনি চৌধুৰীৰ পুত্ৰ।
এসময়ত মন্ত্রী আছিল শকুনি চৌধুৰী। মাকো আছিল বিধায়িকা ৷
মন্ত্ৰীসভাত কেন্দ্রীয় মন্ত্রী জিতন ৰাম মাঝিৰ পুত্ৰও আছে। জিতন ৰাম মাঝিৰ পুত্ৰ সন্তোষ সুমনেও স্থান পাইছে পৰিয়ালতন্ত্ৰৰ কোটাত । তেওঁৰ মাকো আছিল বিধায়িকা। প্রাক্তন কেন্দ্রীয় মন্ত্রী দিগ্বিজয় সিঙৰ কন্যাও আছে মন্ত্ৰীসভাত। বিজেপি নেতা9+ তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী দিগ্বিজয় সিঙৰ কন্যা শ্ৰেয়সী সিং এগৰাকী ভাৰতীয় শ্বুটাৰ৷ শ্ৰেয়সীৰ উপৰি ৰমা নিছাদ, বিজয় চৌধুৰী, অশোক চৌধুৰী, নীতিন নবীন, সুনীল কুমাৰ, লেছি সিঙৰ প্ৰতিজনৰে পৰিয়ালৰ কোনোবা নহয় কোনোবা ৰাজনীতিৰে যুক্ত৷ নীতিশ কুমাৰ লালু প্রসাদ যাদবৰ পৰিয়ালতন্ত্ৰৰ তীব্ৰ সমালোচক৷ নৰেন্দ্র মোদীয়ে সদায়েই কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ সমালোচনা কৰি আহিছে৷ অথচ বিহাৰৰ মন্ত্ৰীসভাত ৪০ শতাংশৰো বেছি সদস্যই ৰাজনীতিকৰ পৰিয়ালৰ ৷ অৱশ্যে বিজেপি বা NDAত আছে এনে অলেখ উদাহৰণ৷