নিৰ্বাচনবিধানসভাভাৰতৰাজনৈতিক

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শেষ হোৱাৰ পিছতেই অন্ত পৰিল বিহাৰ নিৰ্বাচন কেন্দ্ৰীক বতাহৰ

এগজিট পʼলৰ সংকেট যে পুনৰ এন ডি এৰ ক্ষমতাত থাকিব বিহাৰ

সামৰণি পৰিল বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শেষ হোৱাৰ পিছতেই অন্ত পৰিল বিহাৰ নিৰ্বাচনৰ কেন্দ্ৰীক বতাহৰ। প্ৰকাশ হʼল নিৰ্বাচন কেন্দ্ৰীক এগজিট পʼল। এগজিট পʼলৰ সংকেট যে পুনৰ এন ডি এৰ ক্ষমতাত থাকিব বিহাৰ। আই এন এছ-মেট্ৰিজৰ সমীক্ষাত এন ডি এ ক্লীন ছুইপ কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে । য’ত তেওঁলোকে নূন্যতম ২০ খন আৰু সৰ্বাধিক ১৪৭ খন আসন লাভ কৰিব বুলি দাবী কৰা হৈছে ৷ মহাজোঁটবন্ধনে সৰ্বাধিক ৯০ খন আসনৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটে ৭০ খন আসন লাভ কৰিব বুলি এগজিট প’লে দাবী কৰে ৷ অনুমান অনুসৰি জন সুৰজ পাৰ্টীয়ে সৰ্বাধিক দুখন আসন লাভ কৰিব পাৰে নাইবা এখনো আসন লাভ নকৰিবও পাৰে । আনহাতে, পিপলছ ইনচাইটে এন ডি এ সৰ্বাধিক ১৫৯ খন আৰু নূন্যতম ১৩৩ খন লাভ কৰিব বুলি দাবী কৰিছে ৷ বিৰোধীয়ে সৰ্বাধিক ১০১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷

পিপলছ ইনচাইটে শাসকীয় মিত্ৰজোঁটে ১৪৮ খন আসন লাভ কৰাৰ দাবী কৰে যদিও নিৰ্বাচনী ফলাফলত হীন-ডেৰি হ’লে আসনৰ সংখ্যা ১৩৩ খনলৈকে হ্ৰাস পোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে ৷ তেওঁলোকে বিৰোধী দলক দিছে ৮৭ ৰ পৰা ১০২ খন আসন । অন্যান্যসকলে তিনিৰ পৰা ছখন আসন লাভ কৰাৰো দাবী কৰে পিপলছ ইনচাইটে ৷

দৈনিক ভাস্কৰৰ মতে, এন ডি এয়ে ১৪৫-১৬০ খন আসন লাভ কৰিব পাৰে । যাৰ বাবে বিৰোধীয়ে সৰ্বাধিক ৯১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ অৱশ্যে এই সংখ্যা ৭৩ খনলৈকে হ্ৰাস পাব পাৰে ৷ আন একাংশ দলে হয়তো ৫-১০ খন আসন পাব পাৰে ।

জে ভি চি(JVC)ৰ এগজিট প’ল অনুসৰি এন ডি এক দিয়া হৈছে ১৩৫-১৫০ খন আসন ৷  ৮৩-১০০ খন আসন লাভতে ইণ্ডিয়া ব্লক সীমাবদ্ধ থাকিব বুলিও তেওঁলোকে দাবী কৰে ৷ আনহাতে, তোলে জে ভি চিয়ে জন সুৰজ পাৰ্টীয়ে সৰ্বাধিক এখন আসনহে লাভ কৰাৰ দাবী কৰে।

চাণক্য ষ্ট্ৰেটেজিছৰ এগজিট প’লত এন ডি এৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছে । শাসকীয় এন ডি এক ১৩০-১৩৮ খন আসন দিয়াৰ বিপৰীতে ইণ্ডিয়া ব্লকে ১০০-১০৮ খন আসন লাভ কৰাৰ দাবী কৰা হৈছে ৷ চাণক্য ষ্ট্ৰেটেজিছৰ এগজিট প’ল অনুসৰি জন সুৰজ পাৰ্টীয়ে লাভ নকৰে এখনো আসন ৷ নিউজ-১৮ ৰ মেগা এগজিট প’লেও এন ডি এক দিয়ে পূৰ্ণ সমৰ্থন ৷ ইয়াত এন ডি এয়ে ১৪০-১৫০ খন আসন লাভ কৰাৰ কথা কোৱা হৈছিল ৷ আনহাতে ইণ্ডিয়া ব্লকে ৮৫-৯৫ খন আসন, বিজেপিয়ে ৫৫-৬৫ খন আসন আৰু জনতা দলে (ইউনাইটেড) ৬০-৭০ খন আসন লাভৰ দাবী কৰা হৈছে ৷

এই এগজিট প’লত ৰাষ্ট্ৰীয় জনতা দলে ৫০-৬০ খন আসন, কংগ্ৰেছে ১৫-২০ খন আসন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । আনহাতে, চাণক্য ষ্ট্ৰেটেজিছৰ এগজিট প’লৰ দৰেই জন সুৰজ পাৰ্টীয়ে এখনো আসন লাভ নকৰে বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷

পি এম আৰ কিউ(PMARQ) ৰ এগজিট প’লত এন ডি এৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছে । ইয়াত ভৱিষ্যদ্বাণী কৰা হৈছে যে এন ডি এয়ে ১৪২-১৬২ খন আসন লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া ব্লকে ৮০-৮৯ খন আসন লাভ কৰিব ৷ পি এম আৰ কিউৰ এগজিট প’লত প্ৰকাশ পাইছে যে জন সুৰজ পাৰ্টীয়ে ১-৫ খন আসন আৰু অন্যান্যসকলে ০-৩ খন আসন লাভ কৰিব পাৰে।

২৪৩ জনীয়া বিহাৰ বিধানসভাৰ বাবে ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিয়াৰ বিপৰীতে ইণ্ডিয়া ব্লকে আৰ জে ডি নেতা তেজস্বী যাদৱক প্ৰক্ষেপ কৰিছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 14 =

Back to top button