leatest updateঅপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰিভাৰত

কি আছে জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰত?

এজাহাৰত নগাঁৱৰ SP লীনা দলেৰ কথা উল্লেখ!

পোহৰলৈ আহিছে জোনমণি ৰাভাৰ মৃত্যুৰ ন ন তথ্য। সচাকৈ জোনমণি ৰাভা দুৰ্ঘটনাত মৃত্যু হৈছিল নে?এতিয়াও ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু। জোনমণিৰ মৃত্যুৰ তদন্ত বিচাৰি এতিয়া ঠায়ে ঠায়ে প্ৰতিবাদ। আজি জখলাবন্ধা আৰক্ষীৰ নিবেশত এজাহাৰ দাখিল কৰিছে জোনমণিৰ মাতৃয়ে। উচিত ন্যায়ৰ বাবে আৰক্ষী, প্ৰশাসন, চৰকাৰলৈ আহ্বান মাতৃ সুমিত্ৰা ৰাভাৰ।

কি আছে জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰত? এজাহাৰত মাতৃয়ে লিখিছে…
‘বহু নিশালৈকে উভতি নহাত ১০ বজাত ফোন কৰিছিলো। চিন্তা কৰিব নালাগে, মই আভাদাৰ লগত আছো বুলি জনায়। ৰাতি ১১ মান বজাত ফোন কৰোতে দুয়োটা ম’বাইল শ্বুইটচ অফ পাও। অলপ সময়ৰ মূৰে মূৰে ফোন লগাবলৈ চেষ্টা কৰি থাকো। ১১.৩০ মান বজাত তাইৰ এটা ম’বাইলত এবাৰ ৰিং হৈছিল। কিন্তু ম’বাইলটো ৰিছিভ কৰা নাছিল। নিশা ১.৩০ বজাৰ পৰা ২ মান বজাৰ ভিতৰত আহিছিল নগাঁও SP। ASP ত্ৰিদীপপ্ৰতীম কুম্বাং আৰু তিনিজন আৰক্ষী জোৰ কৰি সোমাই আহে ঘৰলৈ। সোধপোচ নকৰাকৈ ঘৰৰ চাবি বিচাৰে আৰু বস্তু-বাহিনী লণ্ডভণ্ড কৰে। টকা আৰু কিবা কিবি কাগজ লৈ উকা কাগজত মোৰ টিপচহী লয়। মই সোধাত তেওঁলোকে জনায় জোনমণিৰ নামত কেচ ৰেজিষ্টাৰ আছে। নিশা ধিং থানাৰ ৰাজা ঈৰ্শ্বাদ নামৰ আৰক্ষী বিষয়াজনো আহিছিল । পোহৰ হোৱাৰ পিছত ৰাজাই আহি মোক মোৰ আৰু স্বামীৰ নাম সোধে। এখন উকা কাগজত টীপচহী লৈ জনায় জোনমণিৰ এক্সিডেণ্ট হৈছে। পিছতহে মই গম পাও জোনমণিৰ মৃত্যু হৈছে। মোৰ কোনো অনুমতি অবিহনে তাইৰ মৃতদেহ পোষ্টম’ৰ্টেম কৰা হ’ল। মৃতদেহ ঘৰলৈ আনি শ্মশানলৈ নিয়াৰ সময়ত দেহৰ বিভিন্ন স্থানত ৰডেৰে মহাৰ দৰে দাগ দেখা পাও। জোনমণিৰ মৃত্যু দুৰ্ঘটনা নহয়, ই এক সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড। জোনমণিৰ আনটো ম’বাইল আজি পৰ্যন্ত বিচাৰি পোৱা নাই।’

 

 

কি আছে জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰত?কি আছে জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰত?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button