অসমৰ সাহিত্য-সংস্কৃতি আৰু শিক্ষা জগতৰ অন্যতম মহীৰূহ ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ আজি মৃত্যু বাৰ্ষিকী। অতুলনীয় কৰ্মৰাজিৰে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি যোৱা ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত।
পিতৃ বিদূৰ শইকীয়া আৰু মাতৃ চম্পাৱালা শইকীয়াৰ ঔৰষত জন্ম লাভ কৰা সাহিত্যিকগৰাকীয়ে ১৯৪৮ চনত ষ্টাৰ মাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰা ভবেন্দ্ৰ নাথ শইকীয়া অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কৰ্মৰত আছিল।
অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক ভবেন্দ্ৰনাথ শইকীয়াই ১৯৭৬ চনত ‘শৃংখল‘ নামৰ চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ৰ লগতে পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
ইয়াৰ উপৰি ৰেডিঅ’ নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল শইকীয়াদেৱে। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। শইকীয়াই নিৰ্মাণ কৰি উলিওৱা বোলছবি কেইখন হ’ল : সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। ইয়াৰে সাতখন বোলছবিৰ কাৰণে তেওঁ লাভ কৰিছিল ভাৰত চৰকাৰৰ ৰজত কমল বঁটা।
এইগৰাকী সূক্ষ্মদৃষ্টিগুণসম্পন্ন মানসিকতাৰ সাহিত্যিকে ২০০৩ চনৰ ১৩ আগষ্ট তাৰিখে নশ্বৰ দেহ ত্যাগ কৰে। সাহিত্য সৃষ্টিৰপৰা চলচ্চিত্ৰ নিৰ্মাণলৈ, শিক্ষকতাৰ পৰা ভ্ৰাম্যমাণৰ মঞ্চলৈ- বহুমুখী প্ৰতিভাধৰ, অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী শইকীয়াদেৱৰ অতুলনীয় সৃষ্টিৰাজিয়ে নতুন প্ৰজন্মক সদায়ে অনুপ্ৰেৰণা যোগাই থাকিব।