অসমদৈনিক বাতৰি

বটদ্ৰৱা থানত ওলাইছে তোলাই-তোলাই সোণ, পৰিচালনা সমিতিৰ অজ্ঞাতে থানত কোনে এৰি গ’ল ৪০ তোলা সোণ?

কোনো অজ্ঞাত ভক্তই থানৰ বাবে এই সোণ এৰি গৈছে যদিও কাগজত লিখা নাই কোনো নাম।

বটদ্ৰৱা থানত উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ প্ৰণামী বাকচৰ ধন গণনা কাৰ্যসূচীত উদ্ধাৰ হৈছে ৪০ তোলা সোণ।

থানৰ পৰিচালনা সমিতিৰ সদস্য আৰু ভকতসকলে ধন গণনা কৰি থকাৰ সময়তে ধনৰ লগতে প্ৰত্যক্ষ কৰে এটা মাণিবেগ। যাৰ ভিতৰত আছিল ৪০ তোলা সোণৰ বিস্কুট আৰু এখন কাগজ। কোনো অজ্ঞাত ভক্তই থানৰ বাবে এই সোণ এৰি গৈছে যদিও কাগজত লিখা নাই কোনো নাম। কাগজখনত ভক্তগৰাকীয়ে লিখিছে যে,

মাননীয়, সভাপতি/ সম্পাদক
বৰদোৱা থান
মহাশয়,
ইয়াত থকা ৪০ তোলা সোণেৰে থানৰ মূল আসনৰ চাৰিটা খউঁটাত দহ(১০) তোলাকৈ বন্ধাই দিলে পৰম সুখ পাম।
সেৱাৰে,
থানৰ এজন একান্ত সেৱক

এই ৪০ তোলা সোণৰ মূল্য হৈছে প্ৰায় ২৬ লাখ টকা। যি সময়ত একাংশ লোকে ধৰ্মীয় স্থানত কোনো সামগ্ৰী দান কৰিলে নিজৰ নাম প্ৰকাশ কৰিব বিচাৰে, সেই সময়ত এইজন ভক্তৰ মহানুভৱতা সঁচায়ে শলাগিবলগীয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button