
সামৰণি পৰিল ৩৭২ বছৰীয়া পৰম্পৰাৰে আৰম্ভ হোৱা আউনীআটী সত্ৰৰ মহাপালনাম। অন্তিম দিনা ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ মহাপালনাম মহোৎসৱত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংস্কৃতত সৰ্বোচ্চ নম্বৰ লাভ কৰাঁতাক গোৱিন্দ স্বৰ্ণ পদক প্ৰদান কৰি আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে কয়, “সংস্কৃত শিক্ষাই মানুহৰ জীৱন পৰিচালিত কৰাত সহায় কৰে।”
আউনীআটী সত্ৰৰ পাঁচদিনীয়া পালনাম মহোৎসৱৰ অন্তিম দিনা আউনীআটী সত্ৰৰ অধিকাৰ চ’ৰাতআউনীআটী সত্ৰই ২০০০ চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতি শিক্ষাৰ্থীক প্ৰদান কৰি অহা গোৱিন্দ স্বৰ্ণ পদক প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। গোৱিন্দ স্বৰ্ণ পদক এইবাৰ ৩ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰে।
সেই অনুসৰি দৰং জিলাৰ শংকৰদেৱ শিশু নিকেতন আউলাচৌকাৰ ছাত্ৰ চিৰঞ্জীৱ চহৰীয়া, একেখন শিক্ষানুষ্ঠানৰে ছাত্ৰ অসীম নাথ আৰু গোলাঘাট জিলাৰ শংকৰদেৱ শিশু নিকেতন মেলামৰাৰ স্বপ্ননীল আলম্বায়নে এই স্বৰ্ণ পদক লাভ কৰিছে।
অন্তিম দিনা ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ মহাপালনাম মহোৎসৱত হয় হাজাৰ হাজাৰ ভক্তৰ সমাগম। হৰিনামৰ ধ্বনিৰে বৈকুণ্ঠপুৰীলৈ পৰিণত হয় আউনীআটী সত্ৰ। তিনি কিলোমিটাৰ জুৰি ভক্তৰ ভিৰ। ৫ দিনীয়াকৈ আয়োজিত মাজুলীৰ শাৰদীয় উৎসৱ মহাপালনাম মহোৎসৱত সেৱা লবলৈ অন্তিম দিনা অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তিপ্ৰাণ ৰাইজৰ লানি-নিচিগা ভিৰ পৰিলক্ষিত হয়। সত্ৰৰ ভিতৰে-বাহিৰে, সত্ৰৰ চাৰিও হাটীত দূৰ-দূৰণিৰ পৰা অহা ভক্তই বাহৰ পাতি এই পালনামৰ অমিয়া মাধুৰী পান কৰি অতি ভক্তিভাৱে নিজকে নিমৰ্জিত কৰে।
এই মহোৎসৱত মাজুলীৰ লগতে সত্ৰখনৰ বিভিন্ন প্ৰান্তত থকা শিষ্য তথা ভক্তসকলে বছৰটোৰ বাবে মনোকামনা পূৰণৰ বাবে গোবিন্দৰ চৰণত এগছি বন্তি,দণ্ড,খৰছা, লোণ আগবঢ়াই নামত সেৱা জনায়।
নামঘৰত চাকি বন্তি প্ৰজ্বলনৰ আধ্যাত্মিকত পৰিবেশে যোৱাদিনকেইটা সত্ৰ খন যেন বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰিল।
ইফালে এই পালনামত সেৱা জনোৱাৰ উদ্দেশ্যে সত্ৰ খনলৈ দেশী বিদেশী পৰ্যটকৰো আগমন ঘটিল।
৩৭২ বছৰত ভৰি দিয়া পালনামত আউনীআটী সত্ৰৰ ভকত সকলে সমস্বৰে ওৰ নোপোৱাকৈ গোৱা নাম, হৰি নামৰ ধ্বনি, জাউৰীয়ে জাউৰীয়ে দিয়া আশীৰ্বাদৰ ধ্বনিয়ে সত্ৰ খনিত গভীৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে।