অসমৰাজনৈতিক

জনজাতিৰকৰণৰ দাবীত উত্তাল ৰাজ্য

তাৰ মাজতে শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল

জনজাতিৰকৰণৰ দাবীত উত্তাল ৰাজ্য। ৰাজ্যৰ প্ৰতিটো ক্ষেত্ৰতে ৰাইজে উলিয়াইছে জোৰ সমদল। তাৰ মাজতে সদৌ টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰ সম্বোধন কৰে এক সংবাদমেলৰসদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদমেল সম্বোধন ।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে বসন্ত গগৈয়ে। তেওঁ কয়,-
“অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি ৰাজপথত আন্দোলন কৰি আহিছে। অবৈধ বিদেশী প্ৰব্ৰজনৰ পৰা অসমখন ৰক্ষাৰ হেতু ছটা জনগোষ্ঠীয়ে জনজাতিকৰণ লাভ কৰাটো প্ৰয়োজনীয়। কিন্তু এই ক্ষেত্ৰত কিছু বাধা আহি পৰিছে ।
বিগত দিনটোত অসম চৰকাৰৰ এজন মন্ত্ৰীৰ নেতৃত্বত সোণাপুৰত হোৱা গণ সমাবেশত ছটা জনগোষ্ঠীক ঘুঁচিয়াই চকু উলিয়াই দিম বুলি কোৱা কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। অসম চৰকাৰৰ সেই মন্ত্ৰীজনে উচতনিৰে ছটা জনগোষ্ঠীৰ বিৰুদ্ধে পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে । ৰাইজৰ সন্মুখত ছটা জনগোষ্ঠীক ঘুঁচিয়াই মাৰিম বুলি কোৱা কথা সাংবিধানিক নেকি? এইয়া গণতন্ত্ৰ নেকি? অসমৰ তিনি কোটি জনসংখ্যাৰ ভিতৰত ২ কোটি জনগোষ্ঠীয় লোকৰ অধিকাৰ নাই নেকি? এই ধৰণৰ ভ্ৰাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি সকীয়নি প্ৰদান কৰিছো। প্ৰতিবাদ হ’ব লাগিছিল অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ কাৰ বিৰুদ্ধে কৰিছে? যুঁজিব লাগিছিল অবৈধ নাগৰিক, অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কিন্তু যুঁজিছে আমাৰ বিৰুদ্ধে । আমিও প্ৰতিবাদ কৰিব জানো । এনে মন্তব্যৰ বিৰুদ্ধে আমিও ব্যবস্থা ল’ব জানো ।
অসম চৰকাৰৰ সেই মন্ত্ৰী জনক আমি সকীয়নি প্ৰদান কৰিছো । ভ্ৰাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা পৰিবেশ ৰচনা নকৰিব।
এইগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যবস্থা গ্ৰহণ কৰক।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 4 =

Back to top button