AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতসংস্কৃতিসাহিত্য

‘বিস্ময় পুৰুষ’ শশী ফুকন আৰু নাই…. উভতি নহাৰ বাটে মেলানি মাগিলে সম্পাদকগৰাকী…..

‘বিস্ময় পুৰুষ’ শশী ফুকন আৰু নাই। ৭৮ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষনিশ্বাস বিশিষ্ট সাহিত্যিক আৰু সম্পাদকগৰাকীৰ। যোৱা প্ৰায় দুমাহ ধৰি চিকিৎসাধীন হৈ আছিল শশী ফুকন। ১৯৬৯ চনত বিস্ময় আলোচনী প্ৰকাশেৰে অসমীয়া সাহিত্য জগতত এক নতুন যুগৰ সৃষ্টি কৰিছিল এইগৰাকী প্ৰতিভাশালী সম্পাদকে। বিস্ময়ৰ পাতত অলেখ লেখকৰ জন্ম দিছিল শশী ফুকনে। এগৰাকী সম্পাদক হিচাপে অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সম্পৰীক্ষণ কৰিছিল তেওঁ। শশী ফুকনৰ মৃত্যুৱে স্বাভাৱিকতে শোকাহত কৰি তুলিছে অসমীয়া সাহিত্যানুৰাগীসকলক। বিভিন্নজনৰ লগতে শোক প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অলেখ গুণমুগ্ধৰ উপস্থিতিত আজি বিয়লি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় শশী ফুকনৰ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 8 =

Back to top button