Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ঢেকীয়াজুলিত কিশোৰী ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত উত্তেজিত জনতাৰ প্ৰতিবাদ

ঢেকীয়াজুলিৰ কিশোৰী ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকিয়াজুলিৰ ১ নং পলাশবস্তিত প্ৰতিবাদী সমদল। ধৰ্ষণকাৰীক ফাঁচিৰ দাবিত উত্তেজিত জনতাই সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে ধনু কাঁড় লৈ আছাৰ কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। ধৰ্ষণকাৰী যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ বাবে প্ৰসাশনক সকিয়নী প্ৰতিবাদকাৰীৰ। ইফালে, পলাশবস্তি গাৱঁৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈও দাবী জনালে প্ৰতিবাদকাৰী জনতাই। আদিবাসী যুৱতী-মহিলাক চকু নিদিবলৈ সকীয়নি আছাৰ। উল্লেখ্য যে যোৱা ২৪ জুনৰ সন্ধিয়া দশম শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বক ধৰ্ষণ কৰিছিল ছহিদুল ইছলাম নামৰ যুৱকৰ নেতৃত্বত এটা দলে। ছহিদুল ইছলামৰ লগত আছিল আন ৩ জন যুৱক। ধৰ্ষণৰ পিছতে কিশোৰী গৰাকীক বলপূৰ্বকভাৱে বাহনত উঠাই নিব বিছাৰিছিল চাৰি পাষণ্ডই। ঢেকিয়াজুলি আৰক্ষীয়ে অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল ছহিদুল ইছলামক। ধৰ্ষণকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাক লৈ ঢেকীয়াজুলিত অব্যাহত আছে চেপা উত্তেজনা।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 2 =

Back to top button