Assamassam policeSocial

ৰাজ্যবাসী তথা অসম আৰক্ষী সেৱাৰ বাবে ভাল খবৰ

অসম আৰক্ষীৰ কেইবাজনো বিষয়ালৈ ৰাষ্ট্ৰপতি পদক আৰু অন্যান্য সেৱা পদক ঘোষণা

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যবাসী তথা অসম আৰক্ষী সেৱাৰ বাবে ভাল খবৰ।অসম আৰক্ষীৰ কেইবাজনো বিষয়ালৈ ৰাষ্ট্ৰপতি পদক আৰু অন্যান্য সেৱা পদক। ইতিমধ্যে এই সন্দৰ্ভত প্ৰকাশ পাইছে তালিকা। অসমৰ ৩ গৰাকী আৰক্ষীলৈ সাহসিকতাৰ বঁটা। আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ দিলীপলৈ ৰাষ্ট্ৰপতি সাহসিকতাৰ বঁটা কৰা হব প্ৰদান ঠিক একেদৰে এছ ডি পি অ’ হেমন্ত কুমাৰ বড়োলৈও আগবঢ়োৱা হ’ব এই বঁটা।আনহাতে কনিষ্টবল অখিল ৰঞ্জন দাসলৈ সাহসিকতাৰ পদক বঁটা কৰা হব প্ৰদান।ইয়াৰ উপৰিও IGP পাৰ্থ সাৰথি মহন্তলৈ ৰাষ্ট্ৰপতি উৎকৃষ্ট পদক বঁটা আগবঢ়োৱা হ’ব।অসমৰ ৩৪ গৰাকী আৰক্ষীলৈ উৎকৃষ্ট সেৱা পদক। IGP সংযুক্তা পৰাশৰ, বিবেকৰাজ সিঙলৈ উৎকৃষ্ট সেৱা পদক। অধিনায়ক জয়শ্ৰী খেৰছা, দেৱাশিস বৰা, টাবুৰাম পেগুলৈ উৎকৃষ্ট সেৱা পদক। SP হৃদয়জিত বৰ্মন, নোমল মহন্তলৈ উৎকৃষ্ট সেৱা পদক। DSP নিৰ্মল চন্দ্ৰ বিশ্বাস, পৰিদৰ্শক ললিত শইকীয়ালৈ উৎকৃষ্ট সেৱা পদক। SI অখিল কুমাৰ দাস, পৰিদৰ্শক ধ্ৰুৱ ছাৰ্কিললৈ উৎকৃষ্ট সেৱা পদক। সহ অধিনায়ক নবীন চন্দ্ৰ শৰ্মা, SI ৰবীন্দ্ৰ সিনহালৈ উৎকৃষ্ট সেৱা পদক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 10 =

Back to top button