বিহুৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ ৰাজ্যচৰকাৰৰ!
অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শুকুৰবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুতপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
কেবিনেটত ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ ৰাজ্যচৰকাৰৰ। অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ২ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটত। চলিত বৰ্ষৰ ১জানুৱাৰীৰ পৰা কাৰ্যকৰী এই নিৰ্দেশনা।
১৫ এপ্ৰিলৰ পৰা ইংৰাজী আৰু অসমীয়াত প্ৰকাশ পাব চৰকাৰী জাননী। BTRত বড়ো আৰু বৰাকত বঙালী ভাষাত প্ৰকাশ পাব জাননী সমূহ।
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় য়ে, ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মথাউৰি কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মথাউৰী নিৰীক্ষণৰ বাবে নিযুক্তি দিব যুৱবাহিনীক। ১০-১৫জন যুৱকক লৈ গঠন কৰা হ’ব মথাউৰী কমিটী। মথাউৰি কমিটীত থাকিব নৈপৰীয়া ৰাইজ। যুৱকসকলক যোগান ধৰা হ’ব টৰ্চলাইট, বুটজোতা। অক্টোবৰত যুৱ বাহিনীৰ সদস্যসকলক মুখ্যমন্ত্ৰীয়ে দিব কৃতজ্ঞতা পত্ৰ।
ৰাজ্যৰ চিকিৎসালয় আৰু মেডিকেল কলেজত বিনামূলীয়া ঔষধ বিতৰণৰ বাবে ১৯০ কোটিৰ অনুমোদন কেবিনেটৰ। জাগীৰোডৰ ছেমিকণ্ডাক্টৰৰ কাষত ৱৰ্কিং ৱ’মেন হোষ্টেল খোলাৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ। ১৪২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব এই ৱৰ্কিং ৱ’মেন হোষ্টেল। ছেমিকণ্ডাক্টৰৰ মহিলা কৰ্মচাৰী থাকিব এই হোষ্টেলত।
এতিয়াৰে পৰা আনুষ্ঠানিক প্ৰত্যাহাৰ কোচ ৰাজবংশী লোকৰ বিদেশী গোচৰ। নাথাকিব কোচ ৰাজবংশীলোকৰ বিদেশী ন্যায়াধীকৰণৰ গোচৰ।