অসমউৎসৱদৈনিক বাতৰি
আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু, ফাটবিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰৰ মহঘূলি চাপৰি
আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু
![আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু, ফাটবিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰৰ মহঘূলি চাপৰি আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু, ফাটবিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰৰ মহঘূলি চাপৰি](https://prathamkhabartv.com/wp-content/uploads/2023/05/vlcsnap-2023-05-12-12h11m32s972-780x470.png)
আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু। ফাটবিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰৰ মহঘূলি চাপৰি। পুৱা পতাকা উত্তোলেনেৰে ফাটবিহুৰ বৰ্ণিল কাৰ্যসূচীৰ শুভাৰম্ভ। কৃষ্টি-সংস্কৃতিৰে ঢকুৱাখনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা ঢকুৱাখনাবাসীৰ নৈপাৰৰ ফাটবিহুক লৈ আনন্দৰ লহৰ। ঢোল-পেঁপা, তাল-গগণা আৰু বিহুনামেৰে মুখৰিত ঢকুৱাখনাৰ আকাশ-বতাহ। ফাটবিহুৰ আজি প্ৰথম দিনটোত বিয়লি ভাগত আৰম্ভ হ’ব টকা বিহু আৰু চেমনীয়াৰ হুঁচৰি। মিচিং, দেউৰী আদিকে ধৰি বিভিন্ন জনগোষ্ঠীয় দলৰ কৃষ্টিৰে মুখৰিত হৈ পৰিছে চাৰিকড়ীয়াৰ পাৰ।