অখিল গগৈঅসমৰাজনৈতিকসদৌ অসম ছাত্ৰ সন্থা

অখিলৰ চিঠিৰ প্ৰত্যুত্তৰ দিলে ‘আছু’ৰ সভাপতি উৎপল শৰ্মাই

শব্দৰ ৰণত দুয়োপক্ষৰ হুংকাৰ

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ বিৰুদ্ধে বিধায়ক অখিল গগৈয়ে লিখিছিল চিঠি।
সেই চিঠিৰ প্ৰত্যুত্তৰ হিচাপে উৎপল শৰ্মাই সামাজিক মাধ্যমত মুকলিকৈ অখিল গগৈলৈ লিখিলে আন এখন চিঠি। চিঠিখনত উৎপল শৰ্মাই লিখিছে –

বিধায়ক শ্ৰীঅখিল গগৈ ডাঙৰীয়াই আমালৈ বুলি লিখা মুকলি চিঠি সন্দৰ্ভতঃ

‘অখিল দা,
নমস্কাৰ যাচিলোঁ।

সামাজিক মাধ‍্যমৰ জৰিয়তে আপুনি আমালৈ বুলি লিখা চিঠিখন পালোঁ। আমাৰ প্ৰতি থকা সদ্ভাৱনাৰ বাবেই আপুনি চিঠিখন লিখিছে বুলি গভীৰ প্ৰত‍্যয়ৰে সৈতে বিশ্বাস কৰিবলৈ চেষ্টা কৰিছোঁ।

চিঠিখনত আপুনি দুটা বিষয় উত্থাপন কৰিছে। প্ৰথমে শ‍্যামকানু মহন্তৰ “ৰঙালী” অনুষ্ঠানত আমাৰ বক্তব‍্যৰ বিষয়ে উল্লেখ কৰিছে। দ্বিতীয়তে সামূহিকভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মতাদৰ্শ সন্দৰ্ভত প্ৰশ্ন তুলিছে। তাৰেই আঁত ধৰি ব‍্যক্তিগতভাৱে মোৰ আৰু ড• সমূজ্জ্বল ভট্টাচাৰ্য‍্য ডাঙৰীয়াৰ আদৰ্শগত স্থিতি সন্দৰ্ভতো একাষাৰ লিখিছে। সেয়ে চিঠিখন পঢ়ি আমাৰ মনলৈ অহা কথাখিনিও দুভাগতে লিখিবলৈ ঠিৰাং কৰিলোঁ।

প্ৰথম আহোঁ, “ৰঙালী” অনুষ্ঠানৰ প্ৰসংগলৈ। “ৰঙালী”লৈ মই এবাৰেই গৈছিলোঁ, তাকো ২০২৪ চনৰ জুন মাহতে, খানাপাৰা ফিল্ডত। বোধহয় সেইয়া দশম সংস্কৰণ। মই সেই মঞ্চত “ৰঙালী” অনুষ্ঠানৰ প্ৰশংসা কৰাটো সঁচা; সেই প্ৰশংসাৰ আধাৰ আছিল অনুষ্ঠানটোত সমাহাৰ ঘটা বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰতিফলন, থলুৱা খাদ‍্য আৰু বস্ত্ৰশিল্পৰ বিপণন আদি।

“আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে থাকিম। হাতে হাত ধৰি আগবাঢ়িম; সফলতাৰ আকাশ চুমিম।” – এই কথাখিনি তাত উপস্থিত হাজাৰ হাজাৰ দৰ্শকক উদ্দেশ‍্যিহে কোৱা হৈছিল। শ‍্যামকানু মহন্তৰ বাবে নহয়। মই মোৰ প্ৰতিটো ৰাজহুৱা বক্তব‍্যৰ অন্তত এই বাক‍্যকেইটা কওঁ। আপুনি বোধহয় জীৱনত প্ৰথম মোৰ বক্তব‍্য শুনিলে বাবে ভুলকৈ ভাবিলে! অথবা শুদ্ধকৈ বুজি ভুলকৈ ব‍্যাখ‍্যা কৰিছে যদিও মই নাজানোঁ।

সেই সময়ত আমাৰ এই ভৱিষ‍্যৎ দৰ্শনৰ উপায় নাছিল যে যিজন জুবিন গাৰ্গ সেই “ৰঙালী” অনুষ্ঠানৰে নিয়মীয়াকৈ জড়িত আছিল, ‍যিজন শিল্পীক শ‍্যামকানু মহন্তই নিজৰ মেৰুদণ্ড আখ‍্যা দিছিল সেইজন জুবিন গাৰ্গকে চূড়ান্ত অৱহেলা কৰি মৃত‍্যুৰ মুখলৈ ঠেলি দিব। সেই কথা আগতীয়াকৈ জনাৰ উপায় থাকিলে মইতো দূৰৰে কথা কোনো মন্ত্ৰী, আমোলা, আৰক্ষী বিষয়া, জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ, শিল্পী, সাহিত‍্যিক, বুদ্ধিজীৱী কাহানিও তেওঁৰ অনুষ্ঠানলৈ নগ’লহেঁতেন। তেতিয়া আপুনিও নিশ্চয় “ৰঙালী”লৈ গৈ তেওঁৰ সৈতে ফটো নুঠিলহেঁতেন! এই সন্দৰ্ভত কালিয়েই আমাৰ ক’বলগীয়াখিনি আমাৰ ফেচবুক পেজত দাঙি ধৰিছোঁ। চৰ্বিতচৰ্বণৰ প্ৰয়োজন অনুভৱ কৰা নাই। আমাৰ গভীৰ উপলব্ধি এইয়ে যে- এই বিষয়ৰ চৰ্চাই জুবিন গাৰ্গৰ ন‍্যায়ৰ সংগ্ৰামখনত কোনো প্ৰকাৰেই সহায় নকৰে। বৰঞ্চ প্ৰাণৰ শিল্পীগৰাকীক ন‍্যায় প্ৰদানৰ মূল বিষয়টোৰ পৰা দৃষ্টি আঁতৰাই নিয়াৰহে এক অজুহাতৰ সৃষ্টি কৰিব। সেই সুযোগ আমি কোনেও কাকো দিয়া উচিত নহয়। বোধহয়, এই ক্ষেত্ৰত আপোনাৰো সহমত থাকিব। আমাৰ ক্ষেত্ৰত এই কথা নিশ্চিত যে এনে কোনো কুৎসা ৰতনাই প্ৰাণৰ শিল্পীগৰাকীৰ ন‍্যায়ৰ বাবে কৰা সংগ্ৰামৰ পৰা আমাক এচুলিমানো বিচলিত কৰিব নোৱাৰে।

অখিলৰ চিঠিৰ প্ৰত্যুত্তৰ দিলে 'আছু'ৰ সভাপতি উৎপল শৰ্মাই

আপোনাৰ চিঠিখনৰ দ্বিতীয় অংশটিলৈ আহিছোঁ।
আপুনি কেইবাটাও প্ৰতি উত্তৰৰ প্ৰয়োজন থকা বিষয়ৰ অৱতাৰণা কৰিছে।

এই কথাত কোনো দ্বিমত নাই যে আধুনিক অসমৰ কাণ্ডাৰী জ‍্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা আটাইকেইজন প্ৰগতিশীল আদৰ্শৰ ব‍্যক্তি আছিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গেও নিজকে সমাজবাদী আদৰ্শত বিশ্বাসী বুলি একাধিকবাৰ স্পষ্টভাৱে কৈ গৈছে। লগতে এই কথাও অনস্বীকাৰ্য‍্য যে জ‍্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা বা জুবিন গাৰ্গক অসমৰ জনসাধাৰণে, অসমীয়া জাতিয়ে কোনো নিৰ্দিষ্ট মতাদৰ্শৰ গণ্ডীত ৰাখি চাবলৈ নিবিচাৰে। অসমৰ সাংস্কৃতিক বৰঘৰ আৰু জাতীয় চেতনা চহকী কৰাত এই কাণ্ডাৰীসকলে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতসকলে জনসাধাৰণৰ অন্তৰে অন্তৰে ঘৰ সাজিবলৈ সক্ষম হ’ল; মৃত‍্যু জিনি অমৰ হ’ল। যিকোনো সামাজিক, ৰাজনৈতিক আদৰ্শত বিশ্বাস কৰা মানুহৰেই তেখেতসকল আপোন আৰু কোনো সামাজিক, ৰাজনৈতিক আদৰ্শত দীক্ষিত নোহোৱাসকলৰ বাবেও আপোন।

অখিল দা,
বিভিন্ন সময়ত আপুনি ছাত্ৰ সন্থাক সমালোচনাৰ লক্ষ‍্য কৰি অহাৰ পাছতো ছাত্ৰ সন্থাই কাহানিও আপোনাক প্ৰত‍্যুত্তৰ দিয়া নাই। প্ৰয়োজনো অনুভৱ কৰা নাই। কাৰণ আপোনাৰ সৈতে আমাৰ চিন্তন, কৰ্মপন্থা আৰু দৃষ্টিভংগীৰ তফাৎ আছে। মতাদৰ্শৰ কথালৈ অহাৰ পূৰ্বে এই কথা পুনৰ এবাৰ স্পষ্ট কৰিলোঁ।

এইবেলি যিহেতু জাতীয় শোকৰ এটি মুহূৰ্তত আপুনি আমাৰ নাম লৈ ৰাজহুৱা চিঠি লিখিছে, সেয়ে আমাৰ অনুভৱখিনিও জনোৱাটো বাঞ্চনীয় বুলি ভাবিলোঁ। আৰু যিহেতু ইয়াৰ পাছত পুনৰ এই সন্দৰ্ভত আমাৰ ফালৰ পৰা একো নিলিখোঁ, সেয়েহে একেবাৰতে অকণ বহলাই লিখিব বিচাৰিছোঁ।

আপুনি লিখিছে “অসমীয়া জাতিৰ জাতীয় মতাদৰ্শ প্ৰগতিশীল হ’ব লাগে। নহয় নে?” নিশ্চিতভাৱে। বৰঞ্চ আমিতো কওঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰাণ প্ৰতিষ্ঠা কৰি যোৱা দিনৰে পৰা অসমীয়া জাতিৰ জাতীয় আদৰ্শ প্ৰগতিশীল। ধৰ্মান্ধতা, পশ্চাদগামিতাক অসমীয়া সমাজে কাহানিও পৃষ্ঠপোষকতা কৰা নাই। ৰাইজ সদায় উৰ্দ্ধত- এয়াই অসমীয়া জাতিৰ সামাজিক নীতি। গুৰুজনাৰ আদৰ্শৰেই গভীৰভাৱে উদ্বুদ্ধ হৈ জ‍্যোতি-বিষ্ণু, ভূপেন হাজৰিকাই নিজৰ যাত্ৰাপথ নিৰূপণ কৰিছিল। আৰু তেখেতসকলে দেখুৱাই যোৱা আদৰ্শৰেই বাট বুলিবলৈ ছাত্ৰ সন্থা যত্নপৰ হৈ আহিছোঁ।

আপুনি বাওঁপন্থী। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আপোনাৰ অসহজ মনোভাৱত অস্বাভাৱিকতা নাই। সদৌ অসম ছাত্ৰ সন্থাক অসমৰ সবাটোকৈ প্ৰভাৱশালী জাতীয় সংগঠন বুলি আপুনি অকপটে, ৰাজহুৱাকৈ স্বীকাৰ কৰাটোতহে সন্তোষচিত্তে আশ্চৰ্য‍্য প্ৰকাশ কৰিলোঁ।

বোধহয়, ছাত্ৰ সন্থা সম্পৰ্কে আপোনাৰ সীমিত অধ‍্যয়নৰেই ফল যে আপুনি ছাত্ৰ সন্থাৰ সঠিক মতাদৰ্শৰ অভাৱ বুলি কৈছে।

সদৌ অসম ছাত্ৰ সন্থা কোনো ৰাজনৈতিক দলৰ প্ৰতি আনুগত‍্য নথকা এটা ছাত্ৰ সংগঠন। ছাত্ৰ সন্থাৰ স্পষ্ট আদৰ্শ ভৌগোলিক জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ। অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা সকলো জাতি-জনজাতি-জনগোষ্ঠী-ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া সমাজখনৰ স্বাৰ্থ সুৰক্ষা কৰা আৰু সৰ্বতোপ্ৰকাৰৰ উত্তৰণৰ বাবে কাম কৰাটো ছাত্ৰ সন্থাৰ প্ৰাথমিক চিন্তন।

ছাত্ৰ সন্থা প্ৰগতিশীল। ছাত্ৰ সন্থা সমাজতন্ত্ৰত বিশ্বাসী। ছাত্ৰ সন্থাৰ সংবিধানৰ অনুচ্ছেদ ৫, ধাৰা (গ) আৰু (ঘ) ত এই সন্দৰ্ভত নীতি নিৰ্ধাৰণ কৰা হৈছে।
৫(গ)- সকলো ধৰণৰ শোষণ আৰু প্ৰৰোচনাৰ পৰা জনগণক মুক্ত কৰিবলৈ হোৱা সংগ্ৰামত ছাত্ৰ-ছাত্ৰীক ব্ৰতী কৰোৱা।
৫(ঘ)- সমাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰা আৰু প্ৰথমে ৰাজ‍্যখনৰ আৰু পৰ্যায়ক্ৰমে সমগ্ৰ দেশত সৰ্বাংগীন উন্নতি কৰা।

অৱশ‍্যে কেৱল বাওঁপন্থী মানেই প্ৰগতিশীল আৰু বাকী সকলো প্ৰতিক্ৰিয়াশীল বুলি ভবা মানুহৰ এই কথা উপলব্ধি কৰাত অসুবিধা হোৱাটো স্বাভাৱিক। যিদৰে বাওঁপন্থা আৰু সমাজবাদ একে নহয় বুলি জানিও বহুতো বাওঁপন্থীয়ে মানি ল’ব নিবিচাৰে যে মানুহ বা সংগঠন বাওঁপন্থী নোহোৱাকৈয়ো সমাজবাদী হ’ব পাৰে।

ভাৰতবৰ্ষৰ সংবিধানৰ গণতান্ত্ৰিক সমাজবাদেই ছাত্ৰ সন্থাৰো সমাজবাদ। এয়া গণতান্ত্ৰিক প্ৰমূল‍্যৰ আধাৰত গঢ়িব খোজা সমাজবাদ; সৰ্বহাৰাৰ একনায়কত্ববাদৰ ধাৰণাত ভাৰতীয় সমাজবাদ প্ৰতিষ্ঠিত নহয়। ভাৰতবৰ্ষৰ অৰ্থনীতি মিশ্ৰ অৰ্থনীতি। ব‍্যক্তিগত খণ্ডৰ অৰ্থনৈতিক যাত্ৰাক ভাৰতবৰ্ষই কেতিয়াও নস‍্যাৎ কৰা নাই। অৰ্থনৈতিক আদৰ্শৰ ফালৰ পৰাও ছাত্ৰ সন্থা মিশ্ৰ অৰ্থনীতিত বিশ্বাসী। অথচ কল‍্যাণকামী ৰাষ্ট্ৰ ভাৰতবৰ্ষত শিক্ষা, চিকিৎসা, যাতায়ত আদি ক্ষেত্ৰত ব‍্যক্তিগতকৰণৰ কোনোদিনেই ছাত্ৰ সন্থাই পোষকতা কৰা নাই। সদায় ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান, যাতায়ত ব‍্যৱস্থা আৰু চিকিৎসালয়ৰ উন্নতি, প্ৰসাৰৰ বাবে মাত মাতি আহিছে।

জন্মলগ্নৰে পৰাই ছাত্ৰ সন্থাই আঞ্চলিক বৈষম‍্যৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ শক্তি আৰু খিলঞ্জীয়া জনসাধাৰণক একত্ৰিত কৰি আগবাঢ়ি যোৱাত অগ্ৰণী ভূমিকা পালন কৰিছে। থলুৱা কৃষ্টিৰ উৎকৰ্ষ, থলুৱা অৰ্থনীতিৰ উত্তৰণ আৰু যুক্তৰাষ্ট্ৰীয় ব‍্যৱস্থাৰ সফল ৰূপায়ণৰ দাবীত সংগ্ৰাম কৰি আহিছে। ইমানৰ পাছতো যদি কোনোবাই ছাত্ৰ সন্থাক প্ৰতিক্ৰিয়াশীল বুলি ভাৱে তেন্তে সেই দৈন‍্যৰ বাবে জগৰীয়া ছাত্ৰ সন্থা নিশ্চয় নহয়।

আপুনি অসম চুক্তিৰ শ্ৰেণী বিশ্লেষণ কৰাৰ কথা কৈছে। মই আমোদহে পাইছোঁ। অসম চুক্তি ঐতিহাসিক অসম আন্দোলনৰ ফচল। অসম আন্দোলন আছিল অসমত অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজনৰ সমস‍্যাটোৰ বিৰুদ্ধে জাতি-ধৰ্ম নিৰ্বিশেষে অসমবাসীয়ে কৰা মৰণপণ আন্দোলন। ইয়াত শ্ৰেণী সংগ্ৰামৰ ধাৰণাটোক জোৰ কৰি অনুপ্ৰৱেশ কৰোৱাৰ অপচেষ্টা নকৰিলেই ভাল পাম। বাওঁপন্থীসকল অসম আন্দোলনৰ মূল সত্তাটোৰেই বিৰোধী আছিল। অসম চুক্তিৰ শ্ৰেণী বিশ্লেষণ আমাৰ দৃষ্টিত নিত‍ান্তই অপ্ৰাসংগিক। অসম চুক্তিত অসমৰ বিদেশী সমস‍্যাৰ স্থায়ী সমাধান, খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান আৰু ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা, অসমবাসীৰ জীৱন ধাৰণৰ মান উন্নত কৰা সন্দৰ্ভত স্পষ্ট প্ৰতিশ্ৰুতি আছে। বিগত ৪০ বছৰে কোনো এখন চৰকাৰে চুক্তিখন সম্পূৰ্ণ ৰূপায়ণ নকৰাটোহে পৰিতাপৰ বিষয়। চুক্তি ৰূপায়ণ নকৰা বাবেই অসমৰ সংকট বেছি ভয়াবহ হ’ল। এতিয়া অসম চুক্তি ৰূপায়ণৰ বাবে সংগ্ৰাম কৰা বাদ দি চুক্তিৰ শ্ৰেণী বিশ্লেষণৰ বিদ‍্যায়তনিক কচৰৎ আৰম্ভ কৰাটো হাল এৰি শিয়াল খেদাৰ দৰে হ’ব। সেই কাম আমাৰ মুঠেই নহয়।

আপুনি ‘কা’-বিৰোধী আন্দোলনৰ কথাও উল্লেখ কৰিছে। ‘কা’-বিৰোধী আন্দোলন সমগ্ৰ দেশব‍্যাপী হৈছিল। সমগ্ৰ দেশৰ আন্দোলনকাৰী জনসাধাৰণৰ মতক অশ্ৰদ্ধা কৰি বিজেপি চৰকাৰে ‘কা’ জাপি দিলে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলতো ‘কা’-বিৰোধী আন্দোলন চলিছিল। আছু আৰু নেছ’ৱে এই বিষয়ত আগভাগ লৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ অঞ্চলে ‘কা’ৰ আওঁতাৰ পৰা ৰেহায়ো পালে। অসম ক্ষতিগ্ৰস্ত হৈয়ে থাকিল। অসমত ‘কা’ বিৰোধী আন্দোলন সকলোৱে কৰিছিল। কিন্তু আন্দোলনটোৰ সীমাবদ্ধতাৰ সমস্ত দোষ কেৱল ছাত্ৰ সন্থাৰ মূৰত জাপি দিয়াৰ এটা পৰিকল্পিত ষড়যন্ত্ৰ, অপচেষ্টা অসমত আৰম্ভ হ’ল, চলি থাকিল। আপুনি লিখা কথাখিনিও তাৰেই নিৰাৱৰণ প্ৰতিফলন। ‘কা’ৰ বিৰুদ্ধে ছাত্ৰ সন্থাই আইনী যুঁজকে ধৰি সকলো সংগ্ৰাম অব‍্যাহত ৰাখিছে, অব‍্যাহত ৰাখিব।

বাকী আমাৰ বিষয়ে আৰু ড• সমূজ্জ্বল ভট্টাচাৰ্য‍্যৰ বিষয়ে আপোনাৰ ব‍্যক্তিগত ধাৰণা সন্দৰ্ভত একো লিখাৰ প্ৰয়োজনবোধ নকৰিলোঁ। ছাত্ৰ সন্থাৰ নীতি, আদৰ্শ, চিন্তনৰ সৈতেই ড• ভট্টাচাৰ্য‍্য বা আমি আৰু ছাত্ৰ সন্থাৰ সকলো সতীৰ্থ অংগাংগী। সেইয়াই আমাৰ জীৱন দৰ্শনো।

শুভেচ্ছাৰে-
শ্ৰীউৎপল শৰ্মা।

অখিলৰ চিঠিৰ প্ৰত্যুত্তৰ দিলে 'আছু'ৰ সভাপতি উৎপল শৰ্মাই

 

বিঃদ্ৰঃ – আপুনিও “ৰঙালী”ৰ বিপণীবোৰত জুতি লৈ ফুৰাৰ এনে ভিডিঅ’ উপলভ‍্য। আমি নিমন্ত্ৰণক্ৰমে গৈছিলোঁ; যি কৈছিলোঁ ৰাইজৰ উপস্থিতিত কৈছিলোঁ। আপোনাৰ ভিডিঅ’টো দেখি অনিমন্ত্ৰিত যেন লাগিছে। শ‍্যামকানু মহন্তৰ সৈতে কিবা কথা নিজানত পাতিছে যদিও জনাৰ অৱকাশ নাই। তথাপি পুনৰ কওঁ এই ভিডিঅ’বোৰ অপ্ৰাসংগিক। জুবিন গাৰ্গৰ বাবে ন‍্যায়ৰ সংগ্ৰামত কোনো ধৰণেই সহায়ক নহয়। শ‍্যামকানু মহন্তৰ সৈতে ফটো থকা নথকা সকলোৱেই জুবিন গাৰ্গৰ বাবে ন‍্যায় বিচাৰে; বিচৰা উচিত।

#justiceforzubeen”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − three =

Back to top button