
বিধানসভা নিৰ্চানৰ প্ৰচাৰৰ বাবে এতিয়া ভিন্ন প্ৰান্তত যুদ্ধংদেহী ৰূপত দেখিব পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দল ।ঠিক সেইদৰে শাসনত থকা বিজেপিক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বিৰোধীও, তাৰ সমান্তৰালভাৱে নিজৰ জয় অক্ষুণ্ণ ৰাখিবলৈ অপ্ৰাণ চেষ্টা শাসকীয় দলৰো। নিৰ্বাচনৰ এই প্ৰচাৰৰ মাজতেই ৰূপহীট সমষ্টিৰ জুৰীয়া দ গাঁৱত নিৰ্বাচনী ৰণডংকা বজোৱা দেখিব পোৱা গ’ল ৰাইজৰ দলৰ নেতা অখিল গগৈক । ইয়াৰ লগতে দ গাঁৱত উপস্থিত হৈ বিজেপি আৰু AIUDF দলক তীব্ৰ সমালোচনা কৰাও দেখিব পোৱা গ’ল । বিৰোধীৰ দলৰ সন্দৰ্ভত শিৱসাগৰ বিধায়কগৰাকীয়ে কয় যে – এইবাৰ নিৰ্বাচনত যদি সঁচাকৈয়ে বিজেপিক হেৰুৱাবলৈ লাগে তেন্তে AIUDF ক অসমৰ সংখ্যালঘু ৰাইজে যিমান পাৰে সোনকালে বিদায় দিয়ক,ইয়াৰ লগতে অসমৰ মুচলমান সমাজখন বিপদত পৰিছে আমিনুল ইছলামৰ নিচিনা সাম্প্ৰদায়িক মানুহবিলাকৰ বাবে। আমিনুল ইছলামক প্ৰশ্ন কৰিব লাগে যে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত কাক ভোট দিছিল? ইয়াৰ উপৰিও আমিনুল ইছলাম হতৰ দৰে নেতাৰ বাবেই ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি শক্তিশালী হৈছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।আনহাতে অখিল গগৈয়ে কয় সংখ্যালঘু এলেকাত বিজেপি জিৰ’, বুলি কোৱাৰ লগতে সংখ্যালঘু এলেকাত প্ৰতিযোগী হিচাপত আছে যদি কংগ্ৰেছ আৰু ৰাইজৰ দল।কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী সভাত মন্তব্য কৰাক লৈ অখিল গগৈয়ে কয়, “সংখ্যালঘু এলেকাত এইবাৰ কেৱল ৰাইজৰ দল আৰু কংগ্ৰেছ আছে। সেয়ে ভাই-ককাইৰ দৰে খুটখাট লাগিম। কিন্তু অসমীয়া জনবসতিপ্ৰধান সমষ্টিত কংগ্ৰেছক ময়ে জিকাম। ‘২৬ত ময়ে কংগ্ৰেছৰ সকলোতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ হ’ম। ‘২৬ত মই হ’ম কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাদৰ ।

