
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আছুৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজপথ উত্তাল কৰি তোলে । গুৱাহাটীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা উলিওৱা বিশাল সমদলৰ নেতৃত্ব দিয়ে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মাকে ধৰি আছুৰ নেতৃবৰ্গই । আছুৰ বিশাল ন্যায় সমদলত অংশগ্ৰহণ কৰা সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথ কঁপাই তোলে । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, “অসমত আন্দোলন নকৰাকৈ একো পোৱা নাযায় । আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথৰ সংগ্ৰামত অৱতীৰ্ণ হ’বলগীয়া হৈছে ।” আছুৰ সভাপতি উৎপল শৰ্মাই কয়, “দিল্লীত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ । বিজেপিৰ শাসন চলি আছে, তাৰ পাছতো শাসনাধিস্থিত চৰকাৰৰ দলটোৱে ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিব নামিছে । কাৰ বিৰুদ্ধে আন্দোলন কৰিছে শাসনাধিস্থিত চৰকাৰৰ দলটোৱে আৰু কাৰ পৰা ন্যায় বিচাৰিছে । ইয়াৰ উত্তৰ তেওঁলোকে আমাক দিয়ক ।”
উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সহাই ৰাজ্যজুৰি ১৪ অক্টোবৰত অৱস্থান বিক্ষোভ আৰু ১৯ অক্টোবৰত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছিল । আজি ন্যায় সমদল কাৰ্যসূচীৰ যোগেদি আছুৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদান কৰিবই লাগিব ।
আনহাতে, আছুৰ সভাপতি উৎপল শৰ্মাই কয়, “দিল্লীত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ । বিজেপিৰ শাসন চলি আছে, তাৰ পাছতো শাসনাধিস্থিত চৰকাৰৰ দলটোৱে ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিব নামিছে । কাৰ বিৰুদ্ধে আন্দোলন কৰিছে শাসনাধিস্থিত চৰকাৰৰ দলটোৱে আৰু কাৰ পৰা ন্যায় বিচাৰিছে । ইয়াৰ উত্তৰ তেওঁলোকে আমাক দিয়ক ।”
তেওঁ কয়, “সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰা মৃত্যুৰ অস্বাভাৱিকতাক লৈ প্ৰশ্ন কৰি আছোঁ । এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনো প্ৰশ্নৰ অৱকাশ থাকি যাব নোৱাৰিব । কি পৰিপেক্ষিতত, কাৰ গাফিলতিত, কি ধৰণে মৃত্যুক সাবটি ল’লে তাৰ তন্নতন্ন উত্তৰ অসমৰ ৰাইজক লাগিব । জুবিন গাৰ্গে ন্যায় পাবই লাগিব । আমাৰ এটাই চিন্তা আৰু এটাই দাবী ।”
উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সহাই ৰাজ্যজুৰি ১৪ অক্টোবৰত অৱস্থান বিক্ষোভ আৰু ১৯ অক্টোবৰত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছিল । আজি ন্যায় সমদল কাৰ্যসূচীৰ যোগেদি আছুৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদান কৰিবই লাগিব ।
সদৌ অসম ছাত্র সন্থাৰ আহ্বানমৰ্মে বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ দাবীত উলিওৱা হয় ন্যায় সমদল । নলবাৰীতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদানৰ দাবীত ন্যায় সমদল উলিয়ায় । জিলাখনৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিৰ পৰা উলিওৱা এই সমদল চহৰৰ বাটা চ’ক হৈ মছজিদ চ’ক-থানা চ’কেৰে পুনৰ শ্বহীদ ভৱনত সামৰণি পেলায় । ছাত্ৰ সন্থাৰ কৰ্মীসকলে প্ৰাণৰ শিল্পী জুবিনক ন্যায় দিয়ক,পানী নসৰকা এছ আই টিৰ প্ৰতিবেদন দাখিল কৰক, জুবিনক লৈ বিজেপিয়ে কৰা ৰাজনীতি বন্ধ কৰক আদি শ্লোগানেৰে নলবাৰী চহৰৰ ৰাজপথ মুখৰিত কৰি তোলে ।
ছাত্ৰ সন্থাৰ এই সমদলত আছুৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰিয়াজ উদ্দিন আহমেদকে ধৰি জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গই অংশ লয় । প্রিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে নগাঁৱত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ । জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বৃহস্পতিবাৰে নগাঁও জিলা ছাত্ৰ সন্থাই উলিয়াই ন্যায় সমদল ।
নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পৰা উলিওৱা ন্যায় সমদলত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী কৰে নগাঁও জিলা ছাত্ৰ সন্থাই । জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈক ছাত্ৰ সন্থাৰ লগতে অসমৰ ৰাইজে ক্ষান্ত নহয় বুলিও হুংকাৰ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ নেতৃবৰ্গই ।
