দৈনিক বাতৰি

স্বাগতম নৱবৰ্ষ ২০২২, বিশ্ববাসীয়ে উলহ-মালহেৰে আদৰিলে নতুন বছৰক…

এতিয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়। পুৰণি স্মৃতিৰ টোপোলা খুলি ৰোমন্থন কৰাৰ সময় এয়া। নতুন পৰিকল্পনা, সংকল্পৰে জীৱন গঢ়াৰ এয়া সময় আহি পালে।

চাওঁতে চাওঁতে পাৰ হ’ল এটা বছৰ। চকুৰ পলকতে যেন হেৰাই গ’ল ২০২১ বৰ্ষ। সময়ৰ আলি কেঁকুৰিত মেলানি মাগিলে ২০২১এ। নতুন প্ৰভাতেৰে আলোকিত চৌপাশ।

এতিয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়। পুৰণি স্মৃতিৰ টোপোলা খুলি ৰোমন্থন কৰাৰ সময় এয়া। নতুন পৰিকল্পনা, সংকল্পৰে জীৱন গঢ়াৰ এয়া সময় আহি পালে।

ক’ভিডকালীন সময়ৰ দোমোজাতে ন আশাৰে বিশ্ববাসীয়ে আদৰিলে নতুন বছৰক। চৌপাশে সকলোৰে মাজত আনন্দৰ বন্যা।

নতুন সংকল্প, নতুন উদ্যমৰে নতুন বছৰত আগবাঢ়ি যাব সকলো। নিউজ টাইম অসমৰ তৰফৰ পৰাও সকলোলৈকে জনালো নৱবৰ্ষৰ হাৰ্দিক শুভকামনা। সুখ-সমৃদ্ধিৰে ভৰি পৰক আপোনাৰ জীৱন। তাৰেই কামনাৰে-ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.