Socialঅসমজীৱনশৈলীপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

ভদীয়া বানৰ কালৰূপ! পানীৰ তলত মাজুলীৰ অৰ্ধ শতাধিক গাওঁ

ভদীয়া বানৰ কালৰূপ

ভদীয়া বানৰ কালৰূপ।
ভদীয়া বানৰ কৱলত পৰিছে দ্বীপৰ জিলা মাজুলী।
ৰাজ্যৰ আন আন জিলা সমূহৰ দৰে দ্বীপৰ বিল মাজুলীতো ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰীৰ বাহনী পানীয়ে নদীপৰীয়া অঞ্চলত বসবাস কৰা লোকৰ ঘৰ দুৱাৰ বুৰাই পেলাইছে।
নামনী সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ গাৰ্ডৱালৰ ওপৰেদি পানী বাগৰি অহাৰ ফলত সোৱণশিৰীত পানী উফন্দি উঠি উত্তৰ অসমৰ লগতে মাজুলীৰ বহু অঞ্চলত বানে চলাইছে তাণ্ডৱ। বানৰ কৱলত পৰি পানীৰ তলত নদীপৰীয়া অৰ্ধ শতাধিক গাওঁ। লগতে ডুবগৈছে বহু বাট পথ। যাৰ বাবে জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে।
আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে মাজুলীৰ মেৰাগড়, কলনীবাৰী, গেজিং সংযোগী পকী পথ, বনগাওঁ পৰা যোগী গাওঁ সংযোগী পথ, ৰতনপুৰ ধনাই চাপৰি, আউনীআটী-ভকত চাপৰিৰ যোগাযোগৰ পথ সমূহত বানপানীত বুৰাই পেলাইছে। যাৰ বাবে ব্যাঘাত জন্মিছে গাৱঁৰ ৰাইজৰ দৈনন্দিন কামত।
বৰ্তমান যদি কোনো লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিব লগা হয় তেন্তে অতি বিপদসংকুলভাৱে নাৱঁত অনা নিয়া কৰিব লগীয়া হৈছে।
ইয়াৰ সমান্তৰালকৈ বাহনী পানীত ডুব গৈছে হাজাৰ বিঘা কৃষি ভুমি। ফলত কৃষক সকলৰ মূৰত মাধমাৰ পৰিছে।
বলীয়া ভদীয়া বানৰ ফলত মানুহৰ লগতে পশু ধনৰো খাদ্য সংকটত ভুগিছে মাজুলীবাসী।
বন্যাতক এতিয়া প্ৰয়োজন প্ৰশাসনৰ সহায়ৰ। উপায়হীন হৈ পৰিছে এতিয়া মাজুলীবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 19 =

Back to top button