ছ’চিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’, ভিডিঅ’ দেখিলে মন ভাল লাগিব আপোনাৰো..
খালী টিনৰ টেমা আৰু নিজ হাতেৰে বনোৱা বাদ্যযন্ত্ৰ পৰিৱেশন কৰি দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে কেইটিমান শিশু
খালী টিনৰ টেমা আৰু নিজ হাতেৰে বনোৱা বাদ্যযন্ত্ৰ পৰিৱেশন কৰি দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে কেইটিমান শিশু। ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে কেইটিমান কণমানিয়ে বাদ্যযন্ত্ৰ পৰিৱেশন কৰাৰ মন পৰশা ভিডিঅ’।
ভিডিঅ’টো দেখি সকলোৱে ধাৰণা কৰিছে যে, শিশুকেইটি ভাৰতৰে কোনোবা অঞ্চলৰ। কিয়নো, কণমানিকেইটাই বজোৱা সুৰটোৰ ১৯৫৪ চনৰ সত্যেন বসুৰ চিনেমা ‘জাগৃতি’ৰ গান ‘আও বচ্ছ’ তুম্হে দিখায়ে ঝানকি হিন্দুস্তান কি’ৰ লগত সাদৃশ্য আছে।
বলিউড অভিনেতা অনুপম খেৰেও টুইটাৰ আৰু ফেচবুকত শ্বেয়াৰ কৰে এই ভিডিঅ’।
भारत के किसी गाँव में कुछ बच्चो ने मिलकर अपना एक बैंड तैयार किया है।इस बैंड के पास कोई आधुनिक साज़ो सामान नहीं है।और इन्होंने धुन भी क्या चुनी है! मिलिट्री बैंड की।क्योंकि ये जानते हैं कि “असली पावर दिल में होती है!!” इन बच्चों की जय हो।किधर हैं ये बच्चे? 😍😎🇮🇳 @Bengaluruhudugi pic.twitter.com/e6TjweFRwJ
— Anupam Kher (@AnupamPKher) August 18, 2021
ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে পোহৰলৈ আহিছে প্ৰকৃত তথ্য। আচলতে এই ভিডিঅ’টো পাকিস্তানৰহে। ২০১৪ চনতে আপলোড কৰা হৈছিল ভিডিঅ’টো। ‘Chilimchi band’ নামেৰে পাকিস্তানত পৰিচিত এই মিউজিক বেণ্ডটো। পাকিস্তানৰ হুনজাৰ হায়দৰাবাদ গাঁৱত কৰা হৈছিল ভিডিঅ’ৰ শ্বুটিং।
আচলতে, ভিডিঅ’টোত কণমানিকেইটিয়ে বজোৱা সুৰটো ভাৰতীয় গান ‘আও বচ্ছ’ তুম্হে দিখায়ে ঝানকি হিন্দুস্তান কি’ৰ পাকিস্তানী সংস্কৰণ ‘আও বচ্ছ’ চৈৰ কৰে তুমকো পাকিস্তান কি’।
অৱশ্যে, পুৰণা হ’লেও ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোৱ মন চুই গৈছে সকলোৰে।



