
অসমত ভৰি পৰিছে চেলিব্ৰেটি । লাহে লাহে কাজিৰঙাৰ পৰ্যটকৰ সংখ্যা বাঢ়িছে। বিগত কিছু দিনৰ আগতে কাজিৰঙালৈ আহিছি দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী । সৰ্বকালৰ সৰ্বাধিক পৰ্যটকৰ আগমনেৰে এইবাৰ অভিলেখ স্থাপন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে দেশী-বিদেশী পৰ্যটকৰ আগমন ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে ভ্ৰমণকাৰী আৰু বন্যপ্ৰাণী অনুৰাগীসকলক মোহিত কৰা দেখিবলৈ পোৱা হৈছে ৷ বিশেষকৈ বন্ধৰ সময়ত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । উদ্যানখনে ২০২৪–২০২৫ চনত ১০.৯০ কোটি টকা উপাৰ্জন কৰিছে, যিটো ২০১৪–১৫ চনত ২.৮৫ কোটি টকাৰ তুলনাত যথেষ্ট বৃদ্ধি ।
বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ লগতে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে অসম ভ্ৰমণ কৰি সময়ত কাজিৰঙা দৰ্শন কৰিছিল । ২০২৪ চনৰ মাৰ্চ মাহত কাজিৰঙা ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে এডভান্টেজ আছাম ২.০ ৰ অংশ হিচাপে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৬০ জন বিদেশী প্ৰতিনিধিৰ সৈতে কাজিৰঙা ভ্ৰমণ কৰে ।
তদুপৰি, দ্য নিউয়ৰ্ক টাইমছে অসম আৰু কাজিৰঙাক নিজৰ “Must-see” বিশ্বব্যাপী গন্তব্যস্থানৰ ভিতৰত স্থান দিছে, যাৰ ফলত অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি পাইছে । আৰু আজি ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত শচীন টেণ্ডলকাৰ সপৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় ।
এনেধৰণে চেলিব্ৰেটিয়ে উদ্যানখনলৈ আহি বিশ্বৰ প্ৰেক্ষাপটত কাজিৰঙাৰ নাম চৰ্চা চলাটো অসম তথা অসমবাসীৰ বাবে সুভলক্ষ্যন।
CMO ASSAMত দিয়া পষ্ট তলত দিয়া হ’ল