ধ্ৰুপদী!
কি লাভ হ’ব ‘অসমীয়া’ৰ?
অসমীয়া ভাষালৈ আহিল ধ্ৰুপদী ভাষাৰ স্বীকৃতি৷ এই বাতৰিয়ে বিভিন্নজনৰ মনত আনন্দৰ জোৱাৰ তুলিছে৷ কিন্তু ধ্ৰুপদী ভাষাৰ এই স্বীকৃতিয়ে সঁচাকৈয়ে অসমীয়া ভাষাৰ কিবা উপকাৰ সাধন কৰিবনে? বাস্তৱিকতে কেন্দ্ৰীয় চৰকাৰে দিয়া এই স্বীকৃতিৰ বাবে অসমীয়া ভাষাৰ কিবা উন্নতি ঘটাৰ আশা কৰিব পাৰিনে?
এই প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ আগতে আমি প্ৰথমতে জানি ল’ব লাগিব কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ধ্ৰুপদী ভাষা বা শাস্ত্ৰীয় ভাষা আচলতে কি৷
যিটো পুৰণি বা পুৰাতন, সেয়াই ধ্ৰুপদী ৷ এয়া সকলোৱে জনা কথা ৷ সেই হিচাপে যিকোনো পুৰণি ভাষা এটাকে ধ্ৰুপদী ভাষা বুলিব পাৰি ৷ কিন্তু ভাৰত চৰকাৰে গ্ৰহণ কৰা ধ্ৰুপদী ভাষাৰ ধাৰণা ইমান সৰল নহয় ৷ আমাৰ দেশত অনেক ভাষা-ভাষীৰ লোক আছে ৷ ভাৰতীয় আৰ্য ভাষা হিচাপেই কেইবাটাও ভাষাই প্ৰাচীনত্বৰ দাবী কৰে ৷ তদুপৰি দ্ৰাবিড়ীয় মূলৰ কেইবাটিও ভাষাও প্ৰাচীনত্বৰ দাবীদাৰ ৷ এনেস্থলত কোনবোৰ ভাষাক ধ্ৰুপদী ভাষা বুলি ক’ব? এনে প্ৰেক্ষাপটতেই কেন্দ্ৰীয় চৰকাৰে কোনো এটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে কিছুমান নিয়ম বান্ধি দিয়ে ৷ দেশত পোন প্ৰথম বাৰলৈ ২০০৪ চনত তামিল ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি কেন্দ্ৰীয় চৰকাৰে কোনো এটা ভাষাক ধ্ৰুপদী বুলি স্বীকৃতি দিয়াৰ যি বিধি বান্ধি দিছিল, সেই অনুসৰি
ভাষাটোৰ আদিস্তৰৰ গ্ৰন্থসমূহ হাজাৰ বছৰৰ আগতে লিখা বুলি নিশ্চিত হ’ব লাগিব,
মূল্যৱান ঐতিহ্য বহন কৰা প্ৰাচীন সাহিত্য বা গ্ৰন্থৰ এক সমৃদ্ধ পৰম্পৰা থাকিব লাগিব
ভাষাটোৰ সাহিত্য-পৰম্পৰা মৌলিক হ’ব লাগিব, অৰ্থাৎ আনৰ পৰা ধাৰ কৰা হ’ব নালাগিব
কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিভিন্ন ভাষাক শাস্ত্ৰীয় বা ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰিবলৈ তেতিয়াই বহু প্ৰস্তাৱ উত্থাপন হৈছিল৷ সেই সময়তে সাহিত্য অকাডেমীৰ অধীনত সাংস্কৃতিক মন্ত্ৰালয়ে ২০০৪ চনৰ নৱেম্বৰ মাহত এখন ভাষা বিশেষজ্ঞ সমিতি (এল ই চি) গঠন কৰি প্ৰস্তাৱিত ভাষাসমূহ ধ্ৰুপদী ভাষাৰ বাবে যোগ্য হয়নে নহয় পৰীক্ষা কৰে।
পৰৱৰ্তী পৰ্যায়ত ২০০৫ চনৰ নৱেম্বৰ মাহত সংস্কৃতক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰি ধ্ৰুপদী ভাষাৰ মাপকাঠীসমূহ সংশোধন কৰা হয়৷ সেই অনুসৰি
ভাষাটোৰ প্ৰাৰম্ভিক গ্ৰন্থ বা লিপিবদ্ধ ইতিহাস হ’ব লাগিব কমেও ১৫০০ৰ পৰা ২০০০ বছৰৰ পুৰণি
মূল্যৱান ঐতিহ্য বহন কৰা প্ৰাচীন সাহিত্য বা গ্ৰন্থৰ এক সমৃদ্ধ পৰম্পৰা থাকিব লাগিব
ভাষাটোৰ সাহিত্য-পৰম্পৰা মৌলিক হ’ব লাগিব, অৰ্থাৎ আনৰ পৰা ধাৰ কৰা হ’ব নালাগিব
ধ্ৰুপদী ভাষা আৰু সাহিত্য আধুনিক সাহিত্যৰ পৰা পৃথক হোৱাৰ বাবে ধ্ৰুপদী ভাষা আৰু ইয়াৰ পিছৰ ৰূপ বা শাখাবোৰৰ মাজত বিচ্ছিন্নতা থাকিব পাৰে
আৰু অসমীয়া ভাষাৰ প্ৰাচীনত্ব তথা মৌলিকতা যিহেতু সন্দেহাতীত, সেয়েহে ভাষা বিশেষজ্ঞ সমিতিয়ে বিভিন্ন দাবীৰ আধাৰত পৰীক্ষা কৰি এই ভাষাটোক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিছে৷
প্ৰশ্ন হৈছে এইদৰে শাস্ত্ৰীয় ভাষাৰ স্বীকৃতিয়ে এটা ভাষাৰ কেনে উপকাৰ সাধন কৰিব পাৰে?
ধ্ৰুপদী ভাষাৰ প্ৰসাৰৰ বাবে শিক্ষা মন্ত্ৰালয়ে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
উদাহৰণস্বৰূপে, প্ৰাচীন তামিল গ্ৰন্থৰ অনুবাদৰ সুবিধা, গৱেষণাৰ প্ৰসাৰ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু তামিলৰ ভাষা পণ্ডিতসকলৰ বাবে পাঠ্যক্ৰম প্ৰদানৰ বাবে গঠন কৰা হৈছে চেন্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল। ২০২০ চনত সংসদত বিধেয়ক গৃহিত কৰি আইনৰ জৰিয়তে সংস্কৃত ভাষাৰ প্ৰসাৰৰ বাবে স্থাপন কৰা হৈছিল তিনিখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। সেইদৰে ধ্ৰুপদী ভাষাৰ অধ্যয়ন, সংৰক্ষণ আৰু বিকাশৰ বাবে মহীশূৰৰ কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠানৰ তত্বাৱধানত ধ্ৰুপদী কানাড়া, তেলেগু, মালয়ালম, আৰু ওড়িয়া ভাষাৰ অধ্যয়নৰ বাবে স্থাপন কৰা হৈছে উৎকৰ্ষতাৰ কেন্দ্ৰ।
এই পদক্ষেপসমূহৰ উপৰি ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰখনৰ কৃতিত্বক স্বীকৃতি আৰু উৎসাহিত কৰাৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰো সূচনা কৰা হৈছে। শিক্ষা মন্ত্ৰণালয়ে ধ্ৰুপদী ভাষালৈ আগবঢ়োৱা সুবিধাসমূহৰ ভিতৰত আছে ধ্ৰুপদী ভাষাৰ বাবে ৰাষ্ট্ৰীয় বঁটা, বিশ্ববিদ্যালয়ত ভাষাটোৰ বাবে বিশেষ আসন, আৰু ধ্ৰুপদী ভাষাৰ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সুকীয়া কেন্দ্ৰ স্থাপন আদি ।
সেই হিচাপে অসমীয়া ভাষালৈও এতিয়া আহিব পৰা সুবিধাসমূহৰ ভিতৰত আছে
প্ৰাচীন গ্ৰন্থৰ অনুবাদৰ সুবিধা,
গৱেষণাৰ প্ৰসাৰ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ভাষা পণ্ডিতসকলৰ বাবে পাঠ্যক্ৰম প্ৰদান
কোনো কোনো বিশ্ববিদ্যালয় তথা মহীশূৰৰ কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠানৰ তত্বাৱধানত উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপনৰ সম্ভাৱনা
কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বিশেষ আসন
এই ভাষাৰ প্ৰাচীনত্বৰ গৱেষকৰ বাবে আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা আদি৷
সিমানেই নহয়, অসমীয়া ভাষাক ধ্ৰুপদী বুলি ঘোষণা কৰাৰ ফলত নিযুক্তিৰ সম্ভাৱনায়ো বাট বুলিব৷
বিশেষকৈ শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি হ’ব। ইয়াৰ উপৰি ভাষাৰ প্ৰাচীন গ্ৰন্থসমূহৰ সংৰক্ষণ, নথিপত্ৰ আৰু ডিজিটেলাইজেচনে আৰ্কাইভিং, অনুবাদ, প্ৰকাশন, আৰু ডিজিটেল মাধ্যমত চাকৰিৰ সৃষ্টি কৰিব।
স্বাভাৱিকতেই আমি এই ভাষাটোক ধ্ৰুপদী হিচাপে ঘোষণা কৰাক লৈ উৎফুল্লিত হোৱাৰ যথেষ্ট থল আছে ৷ কিন্তু এইখিনিতেই কেইটামান প্ৰশ্ন আৰু সংশয় আমি এৰাই চলিব নোৱাৰোঁ ৷ অসমীয়া ভাষাৰ এই আনন্দৰ বতৰাৰ সময়তে দুটামান দুশ্চিন্তাও কৰি থোৱা ভাল৷
মন কৰিবলগীয়া কথা যে সংস্কৃততকৈও আগতে আমাৰ দেশত ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি পোৱা ভাষাটো আছিল তামিল৷ কেৱল তামিলেই নহয়, ২০১৩ চনলৈকে শাস্ত্ৰীয় ভাষাৰূপে স্বীকৃত পাঁচটা ভাষাৰ চাৰিটাই আছিল দাক্ষিণাত্যৰ৷ সেই ভাষাকেইটা হৈছে ২০০৪ৰ ১২ অক্টোবৰত স্বীকৃত তামিল, ২০০৮ৰ ৩১ অক্টোবৰ স্বীকৃত তেলেগু আৰু কন্নড়, আৰু ২০১৩ত স্বীকৃত মালায়ালাম৷ এই চাৰিওটা ভাষাগোষ্ঠীৰ লোকৰে আছে স্বাভিমান, ভাষাপ্ৰেম আৰু ভাষাৰ প্ৰতি দায়বদ্ধতা৷ নিজৰ ভাষাক তেওঁলোকে কৰা সন্মান আমাৰ অসমীয়া ভাষিক লোকৰ মাজত আছেনে? আমি শুদ্ধকৈ অসমীয়া লিখাৰ আৰু কোৱাৰ প্ৰতি যত্নশীল হওঁনে? ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰে হিন্দী বলয়ৰ শব্দৰ অন্ধ অনুকৰণ কৰা আৰু সংবাদ মাধ্যমে সেইবোৰ জাউৰিয়ে জাউৰিয়ে ব্যৱহাৰ কৰা বন্ধ হ’বনে?
কৃষ্ণকান্ত সন্দিকৈয়ে প্ৰায় ৯০ বছৰৰ আগতে কৈছিল, ভাষাটোক আধুনিক মননৰ উপযোগী কৰাৰ বাবে বিদেশী শব্দ হকে বিহকে লোৱাৰ সলনি আমাৰ পুৰণি ব্যৱহাৰ নোহোৱা শব্দ চুঁচিমাজি ল’ব লাগে৷ অথচ বিগত ৩০ বছৰমানত এচাম লিখকে বঙালী শব্দ আৰু তৎসম সংস্কৃতৰ প্ৰাধান্যৰে যেন বেজবৰুৱা-গোহাঞিবৰুৱা আদিয়ে পৰিশীলিত কৰা অসমীয়া ভাষাটোক বঙলুৱা কৰাতেই ব্ৰতী হ’ল৷ ভাষাটোক ডিজিটেল মাধ্যমৰ উপযোগী কৰাৰ বাবে এচাম তৰুণে এইসময়ত লৈ থকা উদ্যোগ শলাগিব লাগিব৷ কিন্তু সেয়াই যথেষ্ট নহয়৷ ভাষাৰ প্ৰতি শ্ৰদ্ধাৰে আনসকলেও সহযোগিতা আগ বঢ়াব লাগিব৷ মাত্ৰ বৰ্ণমালাৰ পৰিৱৰ্তন ঘটাই আন বৰ্ণমালাৰে লিখা প্ৰক্ৰিয়াৰ সৈতে অৰ্থাৎ ট্ৰেঞ্চলিটাৰেশ্যনৰ সৈতে অসমীয়া ভাষা এতিয়াও খাপ খাই উঠা নাই৷ এইবোৰতো যত্নশীল হ’ব লাগিব৷ কম্পিউটাৰৰ সৈতে অসমীয়া ভাষাক খাপ খুওৱাৰ বাবে বহু কাম কৰিবলৈ এতিয়াও বাকী৷ এই সকলোবোৰ দিশত সচেষ্ট হ’লে তামিলৰ দৰে ধ্ৰুপদী ভাষাৰ সৈতে অসমীয়া ভাষা থিয় হ’ব৷ আৰু তাকে কৰিব নোৱাৰিলে সংস্কৃতৰ দৰে ধ্ৰুপদী ভাষাৰ শাৰীতহে অসমীয়া ভাষা ৰ’বগৈ৷