অসমগুৱাহাটীদুৰ্ঘটনাভাৰতস্বাস্থ্য
Trending

নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হোৱা ছামিউল হকৰ মৃত্যু

২৬ তাৰিখে পুৱতি নিশা নন্দিনী কাশ্যপৰ গাড়ীয়ে ছামিউল হক নামৰ এজন যুৱকক খুন্দা মাৰিছিল

চিকিৎসাধীন অৱস্থাত মৃত্যু অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হোৱা ছামিউল হক । গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল ছামিউল ।

২৬ তাৰিখে পুৱতি নিশা নন্দিনী কাশ্যপৰ গাড়ীয়ে ছামিউল হক নামৰ এজন যুৱকক খুন্দা মাৰিছিল। এই দুৰ্ঘটনাত ছামিউল গুৰুতৰভাৱে আহত হৈছিল। জানিব পৰা মতে, নন্দিনীয়ে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ঘটনাস্থলীৰ পৰা।

মৃত্যু হোৱা ছামিউল হকক দুৰ্ঘটনাৰ পিছত প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে ২৮ জুলাইত এপল’ হাস্পতালত লৈ যোৱা হৈছিল । ঘটনাৰ দুদিনৰ পিছত অৰ্থাৎ ২৮ জুলাইত নন্দিনী হাজিৰ হৈছিল দিছপুৰ থানাত আৰু দিনজোৰা জেৰাৰ সন্মুখীন হৈছিল ।

ভুক্তভোগীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰে যে নন্দিনীয়ে ঘটনাৰ পিছত এবাৰো খবৰ লোৱা নাছিল ছামিউলৰ।

 

https://www.facebook.com/share/v/1CXdwz9Zh3/

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 9 =

Back to top button