সু-স্বাস্থ্য অবিহনে ধন-সম্পদ-ঐশ্বৰ্য সকলো মিছা। সু-স্বাস্থ্যৰ অধিকাৰীসকলে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিবলৈ প্ৰেৰণা পায়৷ সু-স্বাস্থ্য অবিহনে মানুহে অন্য সুখ অনুভৱ কৰিব নোৱাৰে৷ সেয়েহ আমি সৰ্ব-প্ৰথমে নিজৰ শৰীৰৰ যত্ন লোৱা উচিত৷
সু-স্বাস্থ্যৰ বাবে প্ৰথমে জৰুৰী সুষম আহাৰৰ৷ আহাৰেই হৈছে জীৱনীশক্তিৰ আধাৰ৷ গতিকে দেহক সুস্থ ৰাখিবলৈ দেহক সদায় ভাল আহাৰ লাগিব৷ ভাল আহাৰৰ দ্বাৰা ভাল মন আৰু আৰু ভাল মনৰ পৰা ভাল চিন্তা আৰু ভাল চিন্তাৰেহে ভাল কৰ্ম কৰিব পাৰি বুলি ঋষি মুনি সকলেও কৈ গৈছে৷
গীতাত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত খাদ্যৰ বিষয়ে বিবৰণ দিছে। সেই অনুসৰি দৈনিক খোৱা তিনিটা ভাগত ভাগ কৰিবলে কোৱা হৈছে- ১. সাত্বিক আহাৰ, ২. ৰাজসিক আহাৰ আৰু ৩. তামসিক আহাৰ
সাত্বিক আহাৰঃ-
সাত্বিক আহাৰে আয়ুস বৃদ্ধি কৰে। যিবোৰ আহাৰ ৰসযুক্ত, স্নিগ্ধা আৰু হৃদয়ৰ বাবে উপযোগী আৰু যিবোৰ আহাৰে আয়ুস বৃদ্ধি কৰে তেনে আহাৰকে সাত্বিক আহাৰ বুলি কোৱা হৈছে। এনে খাদ্যৰ ভিতৰত দুগ্ধজাত সামগ্ৰী, বতৰৰ ফল-মুল, বিভিন্ন শাক-পাচলি আদি। এনে আহাৰত ছয় ৰস থাকিব লাগে। যিকোনো অন্য খাদ্যৰ ধৰে সাত্বিক আহাৰো নিৰ্দিষ্ট পৰিমাণতহে খাব লাগে।
ৰাজসিক আহাৰঃ-
যি বোৰ আহাৰ শুকান, বেছি নিমখীয়া, অতি গৰম, অতি টেঙা, বেছি মছলাযুক্ত চোকা সেইবোৰ খাদ্যই ৰাজসিক খাদ্য৷ এই আহাৰে দেহত বিষ আৰু বেদনাৰ সৃষ্টি কৰে৷ ই শাৰীৰিক তথা মানসিক শান্তিত কোনো লাভ নিদিয়ে৷
তামসিক আহাৰঃ-
চেঁচা, ৰসহীন, পুৰণি বা বাহি হোৱা, দুৰ্গন্ধযুক্ত, আনে খাই যোৱাৰ পাছৰ ৰৈ যোৱা খাদ্যৰ অংশ আদিবোৰক তামসিক আহাৰ বোলা হৈছে৷ তামসিক আহাৰে দেহত নানা ৰোগৰ সৃষ্টি কৰিব পাৰে৷ কোনো খাদ্য প্ৰস্তুত কৰাৰ পাছত তিনি ঘণ্টাতকৈ অধিক সময় ৰাখিলে, সেই খাদ্য তামসিক খাদ্যলৈ ৰূপান্তৰিত হয়৷ তামসিক আহাৰ খোৱা লোকসকল, সাধাৰণতে নিৰুৎসাহী, নীচাত্মিকা, এলেহুৱা আৰু সাহস কম হোৱা দেখা যায়৷ তামসিক খাদ্যই শাৰীৰিক আৰু মানসিক ভাৱে দুৰ্বল কৰে৷
সকলো খাদ্যৰ ভিতৰতে সাত্বিক আহাৰকে উচ্চ স্থান দিয়া হৈছে।
এজন সু-স্বাস্থ্যবান ব্যক্তি হ’বলৈ খাদ্যৰ লগতে পৰিশ্ৰম আৰু শৰীৰ চৰ্চাৰো প্ৰয়োজন৷ গতিকে স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, বিশ্ৰাম, পৰিস্কাৰ পৰিচ্ছন্নতা, পঞ্চ-ইন্দ্ৰিয়ৰ সু-নিয়ন্ত্ৰণ, মানসিক চিন্তা-চৰ্চা আদি স্বাস্থ্যৰ নিয়ম-নীতি সমূহো মানি চলা উচিত৷