কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি ? চৰ্চাত আছে অসম-উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইজনৰ নাম…
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উপযুক্ত ব্যক্তিক উপ-ৰাষ্ট্ৰপতিৰ পদত অধীস্থিত কৰিব লাগে বুলি দাবী উত্থাপন দল-সংগঠনৰ

জগদীপ ধনখড়ৰ পদত্যাগৰ পিছতেই উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে সাজু হৈছে কেন্দ্ৰ । অহা ৯ চেপ্তেম্বৰত দেশত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন।
নিৰ্বাচনৰ বতাহ বলি থকাৰ মাজতেই, আন এটা প্ৰশ্নয়ে শলঠেকত পেলাইছে সকলোকে । এইবাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উপযুক্ত ব্যক্তিক উপ-ৰাষ্ট্ৰপতিৰ পদত অধীস্থিত কৰিব লাগে বুলি দাবী উত্থাপন দল-সংগঠনৰ। এই দাবী সামাজিক মাধ্যমত প্ৰথমে উত্থাপন কৰিছিল অগপ নেতা মনি মাধৱ মহন্তই।
জানিব পৰা মতে, ফখৰুদ্দিন আলি আহমেদৰ পিছত দেশৰ শীৰ্ষ সাংবিধানিক পদত অসমৰ কোনো ব্যক্তি অধীস্থিত হোৱা নাই। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু উপযুক্ত ব্যক্তি থকাৰ পাছতো এনে উচ্চ পদত স্থান নোপোৱাতো দুখৰ কথা বুলি উল্লেখ কৰিছে অসমৰ একাংশ দল- সংগঠনে।
ফখৰুদ্দিন আলি আহমেদৰ পিছত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি, শৰৎ চন্দ্ৰ সিংহৰ দৰে ৰাজনীতিকো আছিল। কিন্তু তেওঁলোক ৰৈ গ’ল। প্ৰশ্ন উঠিছে এয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ অনীহা নে ৰাষ্ট্ৰীয় বলয়ৰ অনীহা।
দল, সংগঠন, ৰাজনৈতিক নেতাৰ উমৈহতিয়া দাবীত চৰ্চাত আছে কেইবাজনো ব্যক্তি। ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নিফিও ৰিঅ’, চত্তীছগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, মনিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বিৰেণ সিং, অসমৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰবৰ্তী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নাম আছে চৰ্চাত। আনফালে, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নামো আছে চৰ্চাত।
ইফালে, উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনকলৈ আগ্ৰহী নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তেওঁৰ মন্তব্য, “মই এতিয়া আগ্ৰহী উচ্ছেদতহে” ।
