AssamSocialঅসমদৈনিক বাতৰি
আশা কৰা ধৰণে ফলাফল লাভ নকৰাৰ বাবে চৰম পথ বাচিলে ছাত্ৰীয়ে

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে চৰম সিদ্ধান্ত ল’লে পাঠশালাৰ এগৰাকী ছাত্ৰীয়ে । ছাত্ৰীগৰাকী বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছিল । তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল ছাত্ৰীগৰাকী । আশা কৰা ধৰণে ফলাফল লাভ নকৰাৰ বাবে নিজ বাসগৃহত জীৱনৰ চৰম পথ বাচিলে ছাত্ৰীগৰাকীয়ে। বান্ধৱীগৰাকী প্ৰথম স্থান লাভ কৰাৰ বাবে মানসিক ভাবে ভাগি পৰিছিল ছাত্ৰী গৰাকী । ঘটনাস্থলীত উপস্থিত পাঠশালা আৰক্ষী । এই ঘটনাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বজালীত।

