অৰ্থনৈতিকউৎসৱধৰ্মীয়ধাৰ্মিক

আজি ধনতেৰচ! জানক কিয় ইমান উৎসাহেৰে পালন কৰা হয় ধনতেৰচ..

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচৰ উৎসৱ উদযাপন কৰা হয়

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচৰ উৎসৱ উদযাপন কৰা হয়।  এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপাসনা কৰা হয়।

ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল৷ যাৰ বাবে এই বিশেষ দিনটোক ধনতেৰচ বুলি জনা যায়।

কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখৰ দিনা সাগৰ মন্থনৰ সময়ত ভগৱান ধনৱন্তৰীয়ে হাতত অমৃতৰ কলহ লৈ পৃথিৱীত আবিৰ্ভাৱ হৈছিল। ধনৱন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয়। এই বছৰ ধনতেৰচৰ উৎসৱ ২০২১ চনৰ ২ নৱেম্বৰ অৰ্থাৎ আজি পালন কৰা হৈছে।

ধনতেৰাচ হ’ল হিন্দু সকলৰ উৎসৱ। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস-উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। ‌ এই উৎসৱ মূলত উত্তৰ ভাৰতীয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে।

ধনতেৰাচৰ দিনা পৰিয়ালৰ সৈতে মানুহে অলংকাৰ, বাচন-বৰ্তন, বাহন, কাপোৰ আদি ক্ৰয় কৰে। ফলত ঘৰত ধন সমৃদ্ধি বৃদ্ধি হয় কোৱা হয়। তদাৰোপৰি সন্ধিয়া চাকি জ্বলোৱা হয়, ইয়াক যম দীপক বুলিও কোৱা হয়। এই চাকি যমৰাজৰ বাবে জ্বলোৱা হৈছে। লোকবিশ্বাস অনুসৰি, এনে কৰিলে পৰিয়ালত অকাল মৃত্যু হাৰ কম হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button