আজি নিশাৰে পৰা ৰাজ্যত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷
অসম, নাগালেণ্ড আৰু মেঘালয়ত বতৰ সেমেকা হৈ থকাৰ সমান্তৰালকৈ বৰষুণ ঢেৰেকনিৰে বজ্ৰপাত হোৱাৰ সম্ভাৱনা৷ বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ বাবেই অসম সহ উত্তৰ-পূৰ্বাঞ্চলত অহা একসপ্তাহে বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই৷