দেওবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক, একালৰ ছাত্ৰ নেতা সমীৰণ বৰদলৈৰ দেহাৱসান ঘটে৷
কেইবামাহ আগৰে পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ থকা বৰদলৈয়ে দেওবাৰে পুৱা ৭:১২ বজাত যোৰহাটৰ তৰাজান সোণাৰি গাঁৱৰ বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ তেখেতৰ মৃত্যুত সমগ্ৰ যোৰহাট জিলাতে শোকৰ ছাঁ বিয়পি পৰিছে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ।
বৰদলৈৰ মৃত্যুত অসম সাহিত্য সভাৰ কাৰ্যালয়ত ৩ দিনলৈ কাৰ্যালয়ৰ পতাকা অৱনমিত হৈ থাকিব।
তেওঁৰ মৃত্যুত শোক প্ৰকাশ সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ।