অপৰাধঅসম

বেজৰ নাকত খৰ! ঘোচ লৈ আটক হ’ল ASI ছাৰ

বৃহস্পতিবাৰে নিশাই ASI হৰিকমল দাস আৰু ধন দিয়া মিথুন চক্ৰৱৰ্তীক আটক কৰে আৰক্ষীয়ে। দুয়োকে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে। সমগ্ৰ বিষয়টোৰ নিজাববীয়াকৈ তদন্ত কৰিছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই ৷

অসম আৰক্ষীয়ে দালাল আৰু দুৰ্নীতিৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই থকাৰ সময়তে এইবাৰ উৎকোচ লৈ আটক হ’ল আৰক্ষী বিষয়া। নিজ থানাত মুকলিকৈ টকা লোৱা ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। ঘোচ লৈ আটক হোৱা আৰক্ষীজন হৈছে ডবকা আৰক্ষী থানাৰ ASI হৰিকমল দাস।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা টকা লোৱাৰ ভিডিঅ’ই ধুমুহাৰ সৃষ্টি কৰিছিল হোজাই জিলা আৰক্ষীত৷ ঘটনাৰ আঁত বিচাৰি ডবকা আৰক্ষী থানাত উপস্থিত হয় হোজাই জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল৷

বৃহস্পতিবাৰে নিশাই ASI হৰিকমল দাস আৰু ধন দিয়া মিথুন চক্ৰৱৰ্তীক আটক কৰে আৰক্ষীয়ে। ইতিমধ্যে দুয়োকে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে। সমগ্ৰ বিষয়টোৰ নিজাববীয়াকৈ তদন্ত কৰিছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই ৷

হৰিকমল দাসৰ আটকৰ পিছতেই ডবকাৰ সচেতন মহলৰ মাজতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ ASI গৰাকীৰ এই কাণ্ডক সকলোৱে একেমুখে গৰিহনা দিয়াৰ লগতে সমগ্ৰ ঘটনাৰ ওপৰত উচ্চ পৰ্য্যায়ৰ তদন্তৰো দাবী কৰিছে৷ তদন্তৰ অন্তত দোষী সাব্যস্ত হ’লে উচিত শাস্তি বিহা হ’ব আৰক্ষী বিষয়াগৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 11 =

Back to top button